NORTHEAST NOW (Assamese)
অসম

হয় নাগৰিকত্ব সংশোধনী বিধেয়ক, নহয় পৃথক বৰাক : প্ৰদীপ দত্ত ৰয়ৰ পুনৰ উচটনিমূলক মন্তব্য

Posted by: অপৰ্ণা লস্কৰ October 30, 2018 6:43 pm
PradeepDuttaRoy

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীক নাগৰিকত্বৰ বিষয়টোক অজুহাত হিচাপে লৈ অসমৰ পৰা বৰাকক পৃথক কৰাৰ ষড়যন্ত্ৰত পুনৰ লিপ্ত হ’ল সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ (ACKHSA) প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্তৰয়ে। তেওঁ আজি অসমক দ্বিখণ্ডিত কৰাৰ পুনৰ আহ্বান জনায়। “হয় নাগৰিকত্ব সংশোধনী বিধেয়ক, নহয় পৃথক বৰাক”, প্ৰায়ে উচটনিমূলক মন্তব্য দি অহা নেতাজনে আজি শিলচৰত সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কয়।

উল্লেখযোগ্য যে পূৰ্বেও নেতাজনে পৃথক বৰাকলেণ্ডৰ দাবী উত্থাপন কৰিছিল। যোৱা ১১ জুলাইত তেওঁ মুকলিকৈ পৃথক বৰাকৰ দাবী উত্থাপন কৰিছিল, যাৰ বাবে ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছিল।

মন কৰিব লগীয়া কথাটো হ’ল, বৰাকক বাঙালীসকলৰ আছুতীয়া ভূমি হিচাপে বিচৰাৰ বাবে এই নেতাজনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিষয়টোক কৌশলেৰে ব্যৱহাৰ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক অচিলা হিচাপে লৈ প্ৰদীপ দত্তৰয়ৰ লগতে একাংশই অসমক পুনৰ দ্বিখণ্ডিত কৰাৰ ষড়যন্ত্ৰ কৰিছে।

তেওঁ অসমীয়া-বাঙালীৰ সংঘাতে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ পাব পাৰে বুলি কৈ কয়, “আছু, কৃষক মুক্তি, অগপ আনকি আলফাই যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰি আছে, তাৰ পৃষ্ঠভূমিত অসমীয়া আৰু বাঙালীৰ মাজত যিকোনো সময়তে সাম্প্ৰদায়িক সংঘৰ্ষ হ’ব পাৰে।”

আনহাতে তেওঁ খানাপাৰাৰ ২৬টা সংগঠনে আয়োজন কৰিবলৈ প্ৰস্তুতি চলোৱা সমাৱেশক লৈ কয়, “অগপই যদি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত বৃহৎ প্ৰতিবাদী সমদল উলিয়াব পাৰে, ২৬টা বাঙালী সংগঠনে এই বিধেয়কৰ সমৰ্থনত কিয় সমাৱেশ পাতিব নোৱাৰিব?”

তেওঁ মৃণাল হাজৰিকাৰ মন্তব্যৰ পিছত চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে। “আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই বাঙালীসকলৰ ওপৰত আক্ৰমণ চলোৱা হ’ব বুলি কোৱাৰ পিছতো ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নল’লে। কিন্তু সুবোধ বিশ্বাসে কৰা মন্তব্যৰ বাবে তেওঁক জেইলত ভৰোৱা হ’ল।” এইদৰে আক্ষেপ কৰে দত্ত ৰয়ে।

দত্ত ৰয়ে বিধেয়কখন সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক সমালোচনা কৰি শিলচৰ ভ্ৰমণ কৰা হৰিশ ৰাৱতক স্থিতি স্পষ্ট কৰাৰ দাবী তোলে।