NORTHEAST NOW (Assamese)
অসম

বৰষাৰাণী বিষয়া মাক হ’ল নেকি! ছচিয়েল মিডিয়াত ভাইৰেল এখন ফটোকলৈ বিশেষ চৰ্চা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 21, 2022 4:49 pm

অভিনেত্ৰী বৰষাৰাণী বিষয়া মাক হ’ল নেকি? এই বহুতৰে মাজত ঘূৰি ফুৰিছে এই প্ৰশ্ন। বিশেষকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ফটোকলৈ আৰম্ভ হৈছে এই চৰ্চা।

ছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰি বৰষাই ইতিমধ্যে দৰ্শকৰ হূদয়ত নিজৰ বাবে এখন সুকীয়া স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক এটি শিশুৰ সৈতে একেলগে থকা এখন ফটোত দেখা গৈছে। ফটো খন ইতিমধ্যে বাইৰেল হৈ পৰিছে।দৰাচলতে কিছুদিন আগতে বৰষাৰাণী বিষয়াই তেওঁৰ ইনষ্টাগ্ৰামত এটি শিশুৰে সৈতে শুই থকা ফটো এখন শ্বেয়াৰ কৰিছিল।

সেই ফটো খনকলৈয়েই এতিয়া চলিছে চৰ্চা। বহুতে ফটো খন দেখাৰ পিছত বৰষা–ভাস্কৰক অভিনন্দনো জ্ঞাপন কৰা দেখা গৈছে।

জানিব পৰা মতে ফটোখন শ্বুটিঙৰ এটা দৃশ্যৰহে আছিল। বিষয়টো সন্দৰ্ভত অৱশ্যে বৰষাই একো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই।