NORTHEAST NOW (Assamese)
অসম

ভুৱা TRP বিতৰ্কৰ মাজতে টিভি চেনেলৰ সাপ্তাহিক ৰেটিং বন্ধ কৰিলে BARC-য়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 5:18 pm
931933-what-are-trp-ratings-and-how-it-is-rigged

ভুৱা টি আৰ পি বিতৰ্কৰ মাজতে ৰেটিং এজেন্সি ব্ৰডকাষ্ট অ’ডিয়েন্স’ ৰিচাৰ্ছ কাউন্সিল (BARC)য়ে অহা ১২ সপ্তাহলৈ টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা কিছুদিনৰ পৰা ভুৱা টি আৰ পি তথা ৰেটিঙকৰ কেলেংকাৰিক লৈ চলি থকা সৰৱ চৰ্চাৰ মাজতে এই সন্দৰ্ভত BARCয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

ৰেটিং সংস্থাটোৱে ইয়াৰ প্ৰণালীৰ বিতংভাৱে তদন্ত কৰি চাবলৈ ১২ সপ্তাহলৈকে সাপ্তাহিক ৰেটিং বন্ধ কৰি ৰাখিছে।

ৰেটিঙৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্ত ইংৰাজী, হিন্দী, আঞ্চলিক ভাষা আৰু ব্যৱসায়িক নিউজ চেনেলসমূহত প্ৰযোজ্য হ’ব।

উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ লগতে দুটা মাৰাঠী টেলিভিছন চেনেলৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিআৰপি মেনেজ কৰাৰ অভিযোগ উত্থাপন  কৰিছিল।

ইয়াৰ পাছতে টি আৰ পি কেলেংকাৰিয়ে সমগ্ৰ দেশ জোকাৰি গৈছিল।

ৰেটিং এজেন্সিটোৱে ভুৱা ৰেটিঙৰ বাতৰি আৰু তেনে অভিযোগসমূহৰ ওপৰত ভালদৰে পৰ্যপেক্ষণ কৰি এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা পৰ্যন্ত নিউজ জ’নাৰৰ লগতে সকলো বাতৰি চেনেলৰ বাবে পৃথক পৃথকৈ জাৰি কৰা সাপ্তাহিক ৰিপৰ্ট বন্ধ ৰাখিব।