NORTHEAST NOW (Assamese)
অসম

বৰপেটাত পলিথিন মুক্ত দুৰ্গা পূজা উদযাপনৰ বাবে জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস September 18, 2019 9:08 pm
Durga Puja

সমাগত শাৰদীয় দুৰ্গোৎসৱ সমগ্ৰ  বৰপেটা জিলাত সম্পূৰ্ণ পলিথিন মুক্ত ৰূপত পালন কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷

জিলাখনত পলিথিন মুক্তৰ লগতে শান্তিপূৰ্ণভাবে পূজা  উদযাপন কৰাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷

সভাত পলিথিনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে ৷

পূজা মণ্ডপ সমূহৰ পৰিষ্কাৰ-পৰিছন্নতা নিশ্চিত কৰাৰ বাবে এইবাৰ প্ৰতিখন পূজা সমিতিয়ে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব বুলি  মুনীন্দ্ৰ শৰ্মাই উল্লেখ কৰে।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি এইবাৰ স্বচ্ছতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ পূজা সমিতি সমূহক উপায়ুক্ত গৰাকীয়ে অনুৰোধ জনায় ।

নিৰাপত্তা জনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপ সমূহত ক্লোজড চাৰ্কিট (চিচি) কেমেৰা লগোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগতে মণ্ডপ সমূহত উচ্চ স্বৰত মাইক নবজাবলৈ আৰু নিশা ১০ বজাৰ পিছত মাইক বন্ধ ৰাখিবলৈ তেওঁ  নিৰ্দেশ দিয়ে ৷

গুৰুত্বপূৰ্ণ সভাখনত আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, পুলক পাটগিৰী, দুলাল দেবনাথ আৰু পল্লব মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চক্ৰ বিষয়া সকল, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যুৎ বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পূজা সমিতি সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।