NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত পুনৰ আঘাত: বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ পদত্যাগ

Posted by: পুলেন্দ্ৰ দাস, বৰপেটা Updated by: পুলেন্দ্ৰ দাস, বৰপেটা May 6, 2022 9:32 am
Abdur Rahim Khan resigns

দলীয় কন্দলত জৰ্জৰিত কংগ্ৰেছ দলত পদত্যাগৰ জোৱাৰ অব্যাহত আছে৷ এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিছে বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আব্দুৰ ৰহিম খানে৷

বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে দলৰ জিলা সভাপতি পদৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে৷

কংগ্ৰেছৰ দূৰ্বল নেতৃত্বৰ বাবে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে নেতা গৰাকীয়ে৷ নেতা গৰাকীয়ে কোন দলত যোগদান কৰিব সেয়া এই মুহুৰ্তলৈ জনোৱা নাই।

অৱশ্যে এক বিশেষ সূত্ৰ অনুসৰি তেওঁ এ আই ইউ ডি এফ- ত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷