NORTHEAST NOW (Assamese)
অসম

বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2022 9:58 pm
jail inmate found dead

শুকুৰবাৰে বৰপেটা জিলা কাৰাগাৰত এগৰাকী কয়দীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কাৰাগাৰৰ চৌহদৰ ভিতৰতে কয়দীজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মৃত অৱস্থাত উদ্ধাৰ হোৱা বৰপেটা জিলাৰ আলোপতি চৰৰ ওমৰ আলী নামৰ কয়দীজন ২০১৫ চনৰ পৰা হত্যাকাণ্ডৰ গোচৰত কাৰাবন্দী হৈ আছিল।

যোৱা নিশা প্ৰায় ৯ বজাত জেলৰ বিষয়াই কয়দী সকলৰ গণনা লোৱাৰ সময়ত এগৰাকী কয়দী নিৰুদ্দেশ হৈ থকা বুলি জানিব পাৰে।

তাৎক্ষঢিভাৱে কাৰাগাৰৰ কৰ্মচাৰীসকলে নিৰুদ্দিষ্ট কয়দীগৰাকীৰ বিচাৰ-খোচাৰ কৰাৰ পিছত অৱশেষত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰে।

মৃতদেহটো উদ্ধাৰৰ পাছতে লগে লগে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে বৰপেটা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি কয়দীগৰাকীৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।