NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল বৰপেটা যুৱ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ January 18, 2019 5:13 pm
b-1-768x367

প্ৰৱীণ বিজেপি নেতা তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছে বৰপেটা যুৱ কংগ্ৰেছে। গুৱাহাটীস্থ এটা টিভি চেনেলৰ কনছাল্টিং এডিটৰগৰাকীৰ সৈতে অনুষ্ঠিত যোৱা ১৬ জানুৱাৰিত প্ৰচাৰিত এটা ‘টক শ্ব’ত মন্ত্ৰীগৰাকীয়ে অসাংবিধানিক, সাম্প্ৰদায়িক আৰু বেআইনী মন্তব্য প্ৰদান কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীত এখন এজাহাৰ দিছে বৰপেটা যুৱ কংগ্ৰেছে।

এই এজাহাৰখনত স্বাক্ষৰ কৰিছে সভাপতিসহ ২১ গৰাকী বৰপেটা জিলা যুৱ কংগ্ৰেছ সদস্যই। উক্ত এজাহাৰখনত মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰ বিধানসভা সমষ্টিত যথেষ্ট সংখ্যক বাংলাদেশী মুছলমান থকা বুলি মন্ত্ৰীগৰাকীয়ে মিথ্যাচাৰ কৰা বুলি জিলা যুৱ কংগ্ৰেছ  সভাপতি আনৰুল ইছলাম খানে অভিযোগ কৰিছে।

fir-against-himanta-225x300
ড০ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখনৰ প্ৰতিলিপি

এজাহাৰখনত আৰু কোৱা হৈছে যে স্থানীয় ইছলামধৰ্মাৱলম্বী লোকৰ আক্ৰমণাত্মক ব্যৱহাৰৰ বাবে মইনবড়ী সত্ৰখন সৰভোগলৈ উঠাই নিবলগীয়া হৈছে বুলি মন্ত্ৰী ড০ শৰ্মাই যি মন্তব্য কৰিছে সেয়া ভিত্তিহীন আৰু মিছা।