NORTHEAST NOW (Assamese)
অসম

আগন্তুক আই পি এলৰ খেল চোৱাৰ সৌভাগ্য হ’ব পাৰে গুৱাহাটীবাসীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 8:44 am
Rajasthan-Royals-2

বিশ্বৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ খেল উপভোগ কৰাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে গুৱাহাটীবাসীৰ।

নৱ প্ৰজন্মৰ মাজত অতিকৈ প্ৰিয় ক্ৰিকেট খেলবিধৰ অহা ছিজনৰ কেইখন মান মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হোৱাৰ সম্ভাৱনা আছে বুলি বৃহস্পতিবাৰে এক সংবাদমেলৰ জৰিয়তে অসম ক্ৰিকেট সন্থা (এ চি এ)ই জানিবলৈ দিয়ে।

এই সন্দৰ্ভত এ চি এৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে যোৱা ১৩ জুলাইত লণ্ডনত আই পি এলৰ ফ্ৰেঞ্চাইজি সকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছতেই ৰাজস্থান ৰয়েলছৰ প্ৰতিনিধিক সাক্ষাৎ কৰি গুৱাহাটীত খেল আয়োজনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হয়।

এ চি এৰ এই প্ৰস্তাৱক ৰাজস্থান ৰয়েলছে গুৰুত্ব সহকাৰে লৈছে আৰু বিষয়টো আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। তদুপৰি সকলো ঠিকে ঠাকে থাকিলে গুৱাহাটীবাসীয়ে অহা বছৰ আই পি এলৰ তিনিখন মেচ উপভোগ কৰিব পাৰিব বুলিও সংবাদ মেলত জানিবলৈ দিয়ে।

উল্লেখ্য যে ৰাজস্থান ৰয়েলছত চক্তিবদ্ধ হৈ আছে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। যোৱাটো ছিজনত অভিষেক ঘটা ৰিয়ানে আগবঢ়াইছিল দুৰ্দান্ত প্ৰদৰ্শন। সেয়ে ৰাজস্থান ৰয়েলছৰ হোম ভেন্যু হিচাপে যদি গুৱাহাটীত কেইখন মান মেচ অনুষ্ঠিত হয় তেন্তে দলটোৱে উত্তৰ-পূবৰ ক্ৰিকেট অনুৰাগীৰ যথেষ্ট সমৰ্থন লাভ কৰিব।