NORTHEAST NOW (Assamese)
অসম

লিংগায়েটক অঁতৰোৱাৰ বিপদ চপাই নল’লে বিজেপিয়ে; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2021 9:40 pm
Basabraj Bommai

বিধানসভা নিৰ্বাচনৰ পূৰ্বে লিংগায়েট সম্প্ৰদায়ক অঁতৰাই ৰখাৰ বিপদ চপাই নল’লে বিজেপিয়ে। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে লিংগায়েট সম্প্ৰদায়ৰ নেতা বাসৱৰাজ বোম্মাইৰ নাম ঘোষণা কৰা হৈছে।

বাসৱৰাজ আন গৰাকী লিংগায়েট নেতা বি এছ য়াদুৰাপ্পা চৰকাৰৰ গৃহমন্ত্ৰী আছিল।

বুধবাৰেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাসৱৰাজ বোম্মাইয়ে।

পেছাত এগৰাকী ইঞ্জিনিয়াৰ আছিল বাসৱৰাজ বোম্মাই। এসময়ত টাটা গোষ্ঠাৰ সৈতে কামো কৰিছিল।

২০০৮ চনত বোম্মাইয়ে বিজেপিত যোগদান কৰিছিল। তাৰ পাছৰে পৰা এটাৰ পাছত আন এটা পদলৈ নিজকে উন্নত কৰিছে নেতাগৰাকীয়ে।

বাসৱৰাজ দুবাৰকৈ বিধান পৰিষদৰ সদস্য হৈছিল। তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ জলসম্পদ মন্ত্ৰী আছিল বোম্মাই। দুবছৰ পূৰ্বে কুমাৰস্বামী চৰকাৰৰ পতনৰ পাছত বাসৱৰাজক য়াদুৰাপ্পাই গৃহমন্ত্ৰী পাতিছিল। এইবাৰ তেওঁৱেই মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব।

উল্লেখ্য যে বাসৱৰাজ বোম্মাইৰ পিতৃ এছ আৰ বোম্মাই ১৯৮৮ চনত জনতা দলৰ পৰা ছমাহৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল।