NORTHEAST NOW (Assamese)
অসম

ইলোৰা বিজ্ঞান মঞ্চ আৰু মুক্তাংকুৰৰ উদ্যোগত ঢেকিয়াজুলিত বাস্তৱ দিৱস পালন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2024 2:39 pm
Ellora Vigyan Mancha

সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে অগ্ৰণীভাৱে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখা আৰু “মুক্তাংকুৰ”ৰ উদ্যোগত দেওবাৰে শোণিতপুৰ জিলাৰ এক ভিতৰুৱা ঠাই জহামাৰীৰ “শ্বহীদ ভৱন”ত ১৪ মাৰ্চৰ প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনৰ লগতে সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ কাৰ্ল মাৰ্ক্স আৰু আন এগৰাকী প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুদিন উপলক্ষে প্ৰথমবাৰৰ বাবে “বাস্তৱ দিৱস” পালন কৰা হয়।

আইনষ্টাইন, মাৰ্ক্স আৰু হকিঙৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আলোচনা আগবঢ়ায় অনুষ্ঠানটিত উপস্থিত থকা প্ৰদীপ কুমাৰ গাভৰুপৰীয়া আৰু আন বিশিষ্ট ব্যক্তিসকলে।

ইয়াৰ পূৰ্বে উক্ত “মুকলি আলোচনা” আৰম্ভ হোৱাৰ আগে আগে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট চাৰিগৰাকী চিকিৎসক ক্ৰমে ঢেকিয়াজুলিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মানিক চন্দ্ৰ ৰয়, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাস, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া ডাঃ সৌৰভ কুমাৰ বৰ্মন আৰু ঢেকিয়াজুলিৰ দন্ত চিকিৎসক ডাঃ ভূয়সী দাসক দুটিকৈ গছৰ পুলিৰে আদৰণি জনোৱা হয়।

অনুষ্ঠানটিত উপস্থিত ৰাইজক উদ্দেশ্যি ডাঃ মানিক চন্দ্ৰ ৰয়ে স্বাস্থ্য, স্বাস্থ্যৰক্ষা আৰু জৰা-ফুকা ইত্যাদি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বিজ্ঞানসন্মত স্বাস্থ্যবিধিৰ ক্ষেত্ৰত তথা মৰণোত্তৰ দেহদান ইত্যাদি বিষয়ত অতি মূল্যবান বক্তব্য প্ৰদান কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথ আৰু অঞ্চলটোৰ স্থানীয় সৰবৰহী ব্যক্তি চেনা নাথৰ তত্বাৱধানত হৈ যোৱা অনুষ্ঠানটিৰ দ্বিতীয় কাৰ্যসূচী হিচাপে ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম উদ্দেশ্য সাৰোগত কৰি উপৰোক্ত চাৰিগৰাকী চিকিৎসকে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ বা চিকিৎসা শিবিৰ সম্পন্ন কৰে। প্ৰায় ৭০ (সত্তৰ) গৰাকীৰো অধিক ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰা উক্ত শিবিৰত বিনামূলীয়াকৈ ব্লাড-ছুগাৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। তদুপৰি প্ৰত্যেকজন ৰোগীক একোটাকৈ বিস্কুটৰ পেকেট প্ৰদান কৰা হয়।

এইখিনিতে উল্লেখযোগ্য যে, ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম উদ্দেশ্য হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে তাৰ হকে অভিযান তথা আন্দোলন চলোৱা। মন কৰিবলগীয়া ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ভিন্ন তিনি ঠাইত শেহতীয়াকৈ চলিত বৰ্ষৰ যোৱা ফেব্ৰুৱাৰী মাহৰ চাৰি তাৰিখৰ পৰা আজি পৰ্যন্ত সৰ্বমুঠ তিনিটা বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে বিনামূলীয়া ব্লাড-ছুগাৰ পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদান শিবিৰ অনুষ্ঠিত কৰিছে।

তেনে শিবিৰসমূহৰ জৰিয়তে শাখাই ভিতৰুৱা ঠাইবোৰৰ সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য, বিজ্ঞানসন্মতভাৱে স্বাস্থ্যৰক্ষা তথা বিজ্ঞানসন্মত স্বাস্থ্যবিধিৰ ক্ষেত্ৰত যথেষ্ট সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে শাখাৰ বিষয়-ববীয়াসকলে।

তদুপৰি যোৱা চাৰি ফেব্ৰুৱাৰী তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ, ইলোৰা ৰায়চৌধুৰী, বিশ্ব কৰ্কটৰোগ দিৱস, কৰ্কটৰোগ আৰু মৰণোত্তৰ দেহদানৰ মাজৰ যোগসূত্ৰ ৰাইজৰ সন্মুখত দাঙি ধৰি মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনি বিশ্ব কৰ্কটৰোগ দিৱসৰ দিনটোতে অনুষ্ঠিত কৰি শাখাটিয়ে কৰ্কটৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ইতিমধ্যে এক অভূতপূৰ্ব নিদৰ্শন সৃষ্টি কৰিছে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, উপদেষ্টা অধিবক্তা থানেশ্বৰ নাথ, কোষাধ্যক্ষ গড়মৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰ, সহকাৰী সম্পাদক শেৱালী দাস হাজৰিকা আৰু কাবেৰী ডেকা নাথ, শাখাৰ এগৰাকী জ্যেষ্ঠ প্ৰতিষ্ঠাপক আজীৱন সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেমানন্দ নাথ আৰু শাখাৰ কাৰ্যকৰী সমিতিৰ সদস্য শিক্ষয়িত্ৰী ময়ূৰাক্ষী কলিতা প্ৰমুখ্যে অঞ্চলটোৰ অনেক লোকে উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

দিৱসটি সফল হৈ উঠাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই আগভাগ লোৱাৰ লগতে মুকলি আলোচনাতো নিজৰ মতামত বিনিময় কৰে শিক্ষক পৰেশ নাথ প্ৰমুখ্যে আনসকলে। তদুপৰি মুকলি আলোচনাৰ শেষত কবি প্ৰদীপ কুমাৰ গাভৰুপৰীয়াই প্ৰাসংগিক বিষয়ত স্বৰচিত এটি কবিতা পাঠ কৰে।

এই পৰিপ্ৰেক্ষিতত শাখাৰ সম্পাদক প্ৰজিত নাথে এইবুলি মন্তব্য কৰে যে বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে বিনামূলীয়া চিকিৎসা প্ৰদান শিবিৰ অনুষ্ঠিত কৰাটো বৰকৈ গুৰুত্বপূৰ্ণ; কাৰণ অনগ্ৰসৰ অঞ্চলসমূহত চলি থকা জৰা-ফুকা, বেজালি ইত্যাদিৰ দৰে কুসংস্কাৰ জড়িত হৈ থকা বিভিন্ন অবৈজ্ঞানিক পদ্ধতিসমূহৰ পৰা আৰোগ্যলাভ নকৰা বা সেইবোৰৰ পৰা পৰিত্ৰাণ নোপোৱা সমাজৰ তৃণমূল পৰ্যায়ৰ লোকসকলে অৱশেষত চিকিৎসা-বিজ্ঞানৰ কাষ চাপিবলৈ বাধ্য হোৱাৰ ক্ষেত্ৰত এনে চিকিৎসা শিবিৰ বা স্বাস্থ্য পৰীক্ষা শিবিৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

সম্পাদকগৰাকীয়ে লগতে কয় যে, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ব্লাড-ছুগাৰ পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদানৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ কিদৰে উপকৃত হ’ব পাৰে তথা অবৈজ্ঞানিক স্বাস্থ্যবিধিৰ বিপৰীতে চিকিৎসা-বিজ্ঞানৰ প্ৰতি কিদৰে আকৰ্ষিত হ’ব পাৰে সেয়া সকলোৰে বাবে সহজে অনুমেয়।