NORTHEAST NOW (Assamese)

চুপাৰ হিৰ’ৰে উখল-মাখল ৰাম মন্দিৰ প্ৰাংগণঃ থানোচে দিলে চৌকাত জুই..

January 19, 2024 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ। এই উদ্বোধনী অনুষ্ঠানক লৈ দেখা গৈছে ব্যাপক চৰ্চা। অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ বহু হাই প্ৰফাইল লোক তথা চেলিব্ৰিটিক।

পিছে এই অনুষ্ঠানৰ পূৰ্বেই দেশৰ চেলইব্ৰিটিতকৈ আগতেই ৰাম মন্দিৰ প্ৰাংগণত ভিৰ কৰিছে ৰঙীন পৰ্দাত দেখা অদ্ভূত গুণেৰে ভৰপূৰ মহাশক্তিশালী চুপাৰ হিৰ’ৱে। চুপাৰ হিৰ’ৰ উপস্থিতিত উখল মাখল হৈ পৰিছে ৰাম মন্দিৰ প্ৰাংগণ।

কোনো চুপাৰ হিৰ’ৱে যদি ঝাৰুৰে ৰাম মন্দিৰৰ চৌপাশ পৰিস্কাৰ কৰিছে, আন কোনোবাই আকৌ চাকি জ্বলাইছে বা ফুলৰ মালাৰে সজাইছে মন্দিৰ। কোনোবাই যদি ভোগকে ৰান্ধিছে, আন কোনোবাই আকৌ চেল্ফীকে তুলিছে।

মুঠৰ ওপৰত ৰাম মন্দিৰত ভিৰ কৰিছে চুপাৰ হিৰ’সকলে। অৱশ্যে কায়িক শৰীৰে নহয়, বিজ্ঞানৰ অভিনৱ সঁজুলি কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ চমকেৰেহে ৰাম মন্দিৰত দেখা গৈছে চুপাৰ হিৰ’ৰ ভিৰ।

এগৰাকী ব্যক্তিয়ে এই কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সামাজিক মাধ্যমত মাৰ্ভেল আৰু ডিচি কমিক্সৰ কেইবাজনো চুপাৰ হিৰ’ৰ ছবি পোষ্ট কৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।

এই চুপাৰ হিৰ’সকলৰ ভিতৰত আছে আইৰন মেন, চুপাৰমেন, বেটমেন, ৱাণ্ডাৰ উইমেন, স্পাইডাৰ-মেন, থৰ, হাল্ক, ডক্টৰ ষ্ট্ৰেঞ্জ, গ্ৰ’থ, নিঞ্জা টাৰ্ট’ল, ডেডপুল, থানোছ, ল’কি আদি।

একেদৰে আন এগৰাকী বিখ্যাত চুপাৰ হিৰ’ তথা যাদুকৰ হেৰী পটাৰ আৰু তেওঁৰ সংগীদ্বয় ৰণ, হাৰমিয়ন আৰু হলীউদৰ বিখ্যাত চৰিত্ৰ জ’কাৰো আছে এই তালিকাত। একেদৰে আছে কেপ্তেইন জেক স্পেৰ’ৰ চৰিত্ৰত অভিনয় কৰা জনী ডীপও।

সামাজিক মাধ্যমত এই ছবিসমূহ এতিয়া ব্যাপক ভাইৰেল হই পৰিছে, হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই সৃষ্টিশীলতাক ভূয়সী প্ৰশংসা কৰিছে নেটিজেনে। কোন কোন চুপাৰ হিৰ’ই ৰাম মন্দিৰৰ প্ৰাংগণত ভূমূকি মাৰিছইল চাওকঃ

 

 

View this post on Instagram

 

A post shared by Sahid SK (@sahixd)

Related News