NORTHEAST NOW (Assamese)
অসম

সংবাদ মাধ্যমৰ স্বাধীনতাত পদাঘাত: চীনে নিষিদ্ধ কৰিলে BBC ৱৰ্ল্ড নিউজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 8:57 am
bbc

সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত সদায়ে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা চীনে এইবাৰ দেশ খনত নিষিদ্ধ কৰিলে BBC ৱৰ্ল্ড নিউজ।

চীনৰ নেচনেল ৰেডিঅ’ এণ্ড টেলিভিছন এডমিনিষ্ট্ৰেছনে দেশ খনত BBC নিউজ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

অলপতে ব্ৰিটেইনৰ সংবাদমাধ্যমৰ নিয়ন্ত্ৰক প্ৰতিষ্ঠান অফকমে ব্ৰিটেইনত চীনৰ ‘চাইনা গ্ল’ৱেল টেলিভিছন নেটৱৰ্ক’ৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ পিছতে প্ৰতিশোধ হিচাবে চীনেও BBC নিউজৰ সম্প্ৰচাৰত বাধা আৰোপ কৰে।

BBC নিউজ নিষিদ্ধ কৰাৰ প্ৰসংগত চীনৰ  নেচনেল ৰেডিঅ’ এণ্ড টেলিভিছন এডমিনিষ্ট্ৰেছনে এই বুলি কৈছে যে BBC- এ সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতিনিষ্ঠতা মানি চলা নাই।

সংবাদ গোষ্ঠীটোৰ  বহু বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলিও চীনৰ সংস্থাটোৱে অভিযোগ কৰিছে।

উল্লেখ্য ৪ ফেব্ৰুৱাৰীত চীনৰ বিদেশ মন্ত্ৰালয়ে BBC-এ সম্প্ৰচাৰ কৰা কোভিড অতিমাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় বাতৰিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু সেই বাতৰিক ভুৱা বাতৰি বুলি দাবী কৰিছিল।

ইপিনে চীনত BBC নিউজ নিষিদ্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ গোষ্ঠীটোৰ এগৰাকী মুখপাত্ৰই কৈছে যে চীনৰ নিষিদ্ধকৰণত তেওঁলোক আচৰিত হৈছে। সমগ্ৰ বিশ্বতে  বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত BBC ৰ বিশ্বাসযোগ্যতা থকা বুলিও তেওঁ উল্লেখ কৰে। BBC-এ সদায় নিৰ্ভীক আৰু নিৰপেক্ষ ভাবে সংবাদ পৰিৱেশন কৰি থকা বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য বিগত কিছুদিন ধৰি BBC-এ চীনৰ উইঘুৰ প্ৰদেশৰ মুছলমান শৰণাৰ্থীৰ বিশেষ শিক্ষা কেন্দ্ৰ সমূহত চলি থকা অনাচাৰ-অবিচাৰৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছিল।

ফলত বিশ্বৰ সন্মুখত খোল খাইছিল বেইজিঙৰ মুখা।সেইবাবেই চীনৰ চৰকাৰে BBC নিউজ নিষিদ্ধ কৰাৰ বাবে উঠি-পৰি লাগে বুলি বিভিন্ন মহলত চৰ্চা হৈছে।

চীনে BBC নিউজ নিষিদ্ধ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে।

এয়া সংবাদ মাধ্যমৰ ওপৰত চৰম আঘাত বুলি ৰাবে মন্তব্য কৰিছে।