NORTHEAST NOW (Assamese)

U-19 World Cup: যুৱ চেম্পিয়ন দললৈ বোৰ্ডৰ আৰ্থিক পুৰস্কাৰ ঘোষণা; প্ৰতিজন ক্ৰিকেটাৰে পাব ৪০লাখকৈ টকা

February 6, 2022 12:02 pm · এন ই নাও নিউজ, গুৱাহাটী

ইংলেণ্ডক পৰাজিত কৰি অনুৰ্দ্ধ-১৯ বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন হোৱা যশ ধূলৰ নেতৃত্বৰ যুৱ ভাৰতীয় দলৰ ক্ৰিকেটাৰসকললৈ আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট বোৰ্ডে।

শনিবাৰে ফাইনেলত ইংলেণ্ডক ৪উইকেটত পৰাজিত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয়ৰ ইতিহাস গঢ়ে ভাৰতীয় যুৱ দলটোৱে।

এই বিজয়ৰ পাছতে গোটেই দলটোলৈ আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট বোৰ্ডে। বিচিচিআইয়ে জনাইছে যে দলৰ প্ৰতিজন ক্ৰিকেটাৰকে ৪০লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ দিয়া হ’ব। বাকী ছাপোৰ্ট স্টাফলৈ আগবঢ়োৱা হ’ব ২৫লাখকৈ টকা।

কেৰিবিয়ান দ্বীপপুঞ্জত ভাৰতৰ বিজয়ধ্বজা উৰুওৱাৰ পাছতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে টুইট কৰি অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোক অভিনন্দন জনায়।

গাংগুলীয়ে ‘এক অসাধাৰণ প্ৰদৰ্শনেৰে বিশ্বকাপ জয় কৰাৰ বাবে’ অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোৰ প্ৰতিগৰাকী ক্ৰিকেটাৰ আৰু ছাপোৰ্ট স্টাফ তথা নিৰ্বাচনকসকলক অভিনন্দন জনায়।

ক্ৰিকেটাৰসকলক ৪০লাখ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰি গাংগুলীয়ে লগতে কয় যে তেওঁলোকৰ সাফল্যক কোনো মূল্যৰে জুখিব নোৱাৰি।

বিচিচিআইৰ সচিব জয় শ্বাহেও টুইট কৰি অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোক বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনায়।

Related News