NORTHEAST NOW (Assamese)
অসম

খেলুৱৈৰ সৈতে একেলগে পৰিয়ালৰ লোকৰ ভ্ৰমণৰ অনুমতি বিচাৰি ক্ৰিকেট অষ্ট্ৰেলিয়ালৈ বি চি চি আইৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 5:53 pm
খেলুৱৈৰ সৈতে একেলগে পৰিয়ালৰ লোকৰ ভ্ৰমণৰ অনুমতি বিচাৰি ক্ৰিকেট অষ্ট্ৰেলিয়ালৈ বি চি চি আইৰ আহ্বান

অষ্ট্ৰলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰ সকলৰ সৈতে পৰিয়ালৰ লোকক যাবলৈ অনুমতি দিয়াৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ক্ৰিকেট অষ্ট্ৰেলিয়াক আহ্বান জনাইছে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক্ৰিকেট অষ্ট্ৰলিয়াই ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলক লগত পৰিয়ালৰ লোকক লৈ যাবলৈ অনুমতি প্ৰদান কৰা নায়।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ পাছতে য়ু এ ইৰ পৰা বাহিৰে বাহিৰে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিবলগীয়া ভাৰতীয়া ক্ৰিকেট দলটোৱে ছিডনীত কোৱাৰেণ্টাইনত থাকিব।

২৭ নৱেম্বৰত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলেৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ শৃংখলাটো আৰম্ভ হ’ব।

ভাৰতে অষ্ট্ৰলিয়াৰ ভূমিত সীমিত অভাৰৰ লগতে টেষ্টতো অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, য়ু এ ইত চলি থকা আই পি এলত খেলুৱৈ সকলক নিজৰ পৰিয়ালৰ লোকক একেলগে ৰখাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।