বিদেশৰ ভূমিত আই পি এল অনুষ্ঠিত কৰাৰ ইংগিত দিলে বি চি চি আইয়ে
বিদেশত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে এই কথা সদৰী কৰে।
বৰ্তমান সময়ত ভাৰতৰ পৰিস্থিতি ক্ৰিকেটখেল অনুষ্ঠিত কৰিব পৰা ধৰণে অনুকূল নহয় বুলিও বিষয়া গৰাকীয়ে মত ব্যক্ত কৰাৰ লগতে ভাৰতৰ এই সময় খেলুৱৈ আৰু ক্ৰিকেট অনুৰাগী সকলৰ বাবে সুৰক্ষিত নহয় বুলিও লগতে জনায়।
আনহাতে, ভাৰতত ২০২০ বৰ্ষৰ আই পি এল অনুষ্ঠিত নহ’লে য়ু এ ই অথবা শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে চলিত বৰ্ষত বি চি চি আইয়ে আই পি এল অনুষ্ঠিত কৰিব পৰা নায়।
পৰৱৰ্তী সময়ত পৰিস্থিতি কিছু স্বাভাৱিক হ’লে আই পি এল অনুষ্ঠিত কৰাৰ বাবে চিন্তা কৰিছিল যদিও ভাৰতত ক’ৰ’নাৰ সংক্ৰমণে ক্ৰমাৎ জটিল ৰূপ হে ধাৰণ কৰিছে।
ইয়াৰ পূৰ্বে শ্ৰীলংকা ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আই পি এল অনুষ্ঠিত কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল।