NORTHEAST NOW (Assamese)
Popular Stories

কিয় ১৯ বছৰ পুৰণি ব্লে’জাৰ পিন্ধি বি চি চি আইৰ দায়িত্ব ল’লে গাংগুলীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 8:31 pm
Ganguly

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আজি বি চি চি আইৰ ৩৯নং অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিলে। দায়িত্ব গ্ৰহণৰ দিনটোত গাংগুলীয়ে পিন্ধা ক’লা ব্লে’জাৰটোৱে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা।

আজিৰ এই বিশেষ দিনটোত গাংগুলীয়ে যিটো ব্লে’জাৰ পিন্ধি আহিছিল সেই ব্লেজাৰটো তেওঁক ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ দিনা প্ৰদান কৰা হৈছিল।

সাংবাদিকে গাংগুলীক এই বিষয়ে সোধাত তেওঁ কয়, ‘মই এই ব্লে’জাৰটো তেতিয়া পাইছিলো, যেতিয়া মোক ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছিল। সেয়ে আজিৰ এই বিশেষ মূহুৰ্তত ব্লে’জাৰটো পিন্ধাৰ সিদ্ধান্ত ল’লো’।

উল্লেখ্য যে পাঁচ বছৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল সৌৰভ গাংগুলী। মহম্মদ আজাহাৰুদ্দিনৰ পাছতে তেওঁক ২০০০ চনত অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছিল।

গাংগুলীৰ অধিনতে ভাৰতীয় ক্ৰিকেট দলে কেইবাটাও গুৰুত্বপূৰ্ণ শৃংখলা জয়ী হ’বলৈ সক্ষম হৈছিল। ভাৰতীয় ক্ৰিকেটত তেওঁৰ অৰিহনা অনবদ্য।

ঘাট-প্ৰতিভাটৰ মাজেৰে ক্ৰিকেট কেৰিয়াৰ আগবঢ়াই নিয়া গাংগুলীয়ে ২০০৮ চনত অৱসৰ গ্ৰহণ কৰে।

অৱসৰৰ পিছত কেতিয়াও সেই বিশেষ ব্লে’জাৰটো পিন্ধাৰ সুযোগ নোপোৱা গাংগুলীয়ে আজি বি চি চি আইৰ অধ্যক্ষ পদৰ দায়িত্ব লোৱাৰ সময়ত সেই ব্লে’জাৰটো পিন্ধাৰ সুযোগ হেৰুৱাব নিবিচাৰিলে।