NORTHEAST NOW (Assamese)
অসম

সাৱধান মহানগৰবাসী! : পানীৰ মাচুল নিদিলেই কৰ্তন হ’ব পানী যোগান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 18, 2020 6:31 pm
pani jugan

গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত।

যদি মহানাগৰিক হিচাপে আপুনি পানীৰ মাচুল পৰিশোধ কৰা নাই তেন্তে শীঘ্ৰেই পৰিশোধ কৰক।

আজিৰে পৰা পানীৰ মাচুল নিদিয়াসকলৰ গৃহলৈ পানী যোগান কৰ্তন কৰা হ’ব।

গুৱাহাটী পৌৰ নিগমৰ মেডিয়া চেলে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে এই কথা।

প্ৰকৃত গ্ৰাহক আৰু ৰাজহুৱা পানী যোগান সুনিশ্চিত কৰাৰ বাবেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

অসাধু আৰু নিয়ম নমনাকৈ পানী যোগান ব্যৱস্থাৰ অংশীদাৰী হোৱাসকলক নাকি লগাবৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে।

অৱশ্যে, পানীৰ মাচুল নিয়মীয়াকৈ পৰিশোধ কৰা গ্ৰাহকৰ পানী যোগান ব্যৱস্থা অৱ্যাহত থাকিব বুলি জানিবলৈ দিয়ে গুৱাহাটী পৌৰ নিগম কতৃপক্ষই।