NORTHEAST NOW (Assamese)

ৰঙালী বিহু উপলক্ষে ডিগবৈত সৌন্দৰ্য্য প্ৰতিযোগিতা

April 17, 2019 7:52 pm · মানস প্ৰতিম গগৈ

ডিগবৈ নগৰৰ মাজমজিয়াত থকা পে’ট্ৰল ডিপো মাকুম মটৰ্চ, ডিগবৈৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে তৈল নগৰী ডিগবৈত পোনপ্ৰথমবাৰৰ বাবে আজি অসমীয়া সাজপাৰৰ এক সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ডিপোটোৰ প্ৰাঙ্গণত দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ ৪ পৰা ১০ বছৰৰ ‘ক’ শাখা আৰু ১১ পৰা ২০ বছৰৰ ‘খ’ শাখাত মুঠ ২৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

সন্ধিয়ালৈ ডিপোটোৰ প্ৰাঙ্গনত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসমৰ ব্যংগ সাহিত্যিক পুণ্য শইকীয়াৰ লগতে বিশিষ্ট অতিথি ৰূপে জ্যেষ্ঠ অধিবক্তা কমলেশ চক্ৰৱৰ্তী, ডিগবৈ আৰক্ষী থানাৰ পৰিদৰ্শক মহেশ চন্দ্ৰ বৰা, এ অ’ চি লেবাৰ য়ুনিয়নৰ সভাপতি তৰুণ হাজৰিকাকে ধৰি বহু কেইগৰাকী লোক উপস্থিত থাকে।

ক শাখাত বিকশিতা বৰাই প্ৰথম, ময়ুৰাক্ষী বৰাই দ্বিতীয় আৰু আকাংশা দত্তই তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে খ শাখাত সুনেইনা কৰভুল্লৰে প্ৰথম, অঞ্জলী ফুকনে দ্বিতীয় আৰু তাৰাণা তন্দ্ৰালীনা গগৈয়ে তৃতীয় স্থান অধিকাৰ কৰে।

দীনেশ ভাণ্ডাৰীয়ে আঁতধৰা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰকৰ দ্বায়িত্বত আছিল ফেছন ডিজাইনাৰ দেৱজিত নাথ আৰু পিংকি বুঢ়াগোহাঁই।

Related News