NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক লাচিত মৈদামত পোন প্ৰথমবাৰৰ বাবে বীৰজনাৰ মৃত্যু বাৰ্ষিকী ও স্মাৰক বক্তৃতা অনুষ্ঠান

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক April 25, 2022 7:25 pm

আজি টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈদাম প্ৰাংগণৰ ৰাজহুৱা প্ৰেক্ষাগৃহত লাচিত মৈদাম সংৰক্ষণ সমিতি আৰু ৰাইজৰ সহযোগত জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস উদযাপন আৰু প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে আঁতধৰা উক্ত অনুষ্ঠানত লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱা, বিশিষ্ট বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোহাঁই, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈ, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ গগৈ, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কুমুদ গগৈ, মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে প্ৰমুখ্য কৰি বহু দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

উক্ত অনুষ্ঠানটি উদ্বোধন কৰি জিলা উপায়ুক্তগৰাকীয়ে লাচিতৰ শৌৰ্য বীৰ্যক শ্ৰদ্ধাৰে সোঁৱৰে।

ইপিনে, বিশিষ্ট বুৰঞ্জীবিদ দয়ানন্দ বৰগোঁহায়ে উক্ত অনুষ্ঠানত নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত সাৰুৱা মন্তব্য আগবঢ়ায়।

উক্ত অনুষ্ঠানৰ সমান্তৰালকৈ মৈদাম প্ৰাংগণতে ফুৰালুং পূজা ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰি জাতীয় বীৰজনাক সকলোৱে সোঁৱৰণ কৰে।