NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত পদপথৰ ভিক্ষাৰীৰ মৃত্যু, খাদ্যৰ অভাৱত মৃত্যুৰ সন্দেহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 14, 2020 8:19 pm
Beggar found dead in Guwahati footpath

এজন পদপথৰ ভিক্ষাৰীৰ মৃতদেহ মঙলবাৰে গুৱাহাটীত উদ্ধাৰ হৈছে।

বামুণী মৈদামৰ গুৱাহাটী কলেজৰ সন্মুখৰ বাছ ষ্টেণ্ডত উদ্ধাৰ হয় মৃতদেহটো।

মৃত লোকজনৰ নাম ধৰ্মেন্দ্ৰ দাস (৩৯ বছৰ) বুলি জানিব পৰা গৈছে।

খাদ্যৰ অভাৱতে লোকজনৰ মৃত্যু ঘটে বুলি সন্দেহ কৰা হৈছে।

লকডাউনৰ মাজত দোকান-পোহাৰ আৰু হোটেলসমূহ বন্ধ হৈ আছে।

লোকজনৰ ঘৰ বৰপেটাৰ সৰ্থেবাৰীত বুলি জানিব পৰা গৈছে।

বিয়লি প্ৰায় বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

মৃতদেহটো দেখাৰ লগে লগে স্থানীয় লোকে খবৰ দিয়ে নুনমাটি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে।