NORTHEAST NOW (Assamese)

চীনৰ বেইজিঙত আৰম্ভ হৈছে কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ; উদ্বিগ্ন বিশ্ব

June 13, 2020 1:20 pm · এন ই নাও নিউজ
চীনত কৰ'নাৰ সংক্ৰমণৰ প্ৰতিনিধিত্বমূলক ফটো।

চীনৰ উহান চহৰত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে বিয়পি পৰিছিল। এতিয়া চীন চৰকাৰে দাবী কৰা মতে আকৌ এবাৰ কৰ’না ভাইৰাছে দেশখনত থিতাপি ল’বলৈ আৰম্ভ কৰিছে।

চীনৰ ৰাজধানী বেইজিঙৰ এখন পাইকাৰী বজাৰত নতুনকৈ কৰ’না আক্ৰান্ত ৰোগী পোৱাৰ পাছত বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

বাতৰি অনুসৰি, বেইজিঙৰ প্ৰশাসনে যোৱা দুদিনত স্থানীয় পৰ্যায়ত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ পাছত প্ৰধান পাইকাৰী কৃষি বজাৰ সাময়িকভাৱে বন্ধ কৰি দিছে।

বেইজিঙত ১২ জুনত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কথা পোহৰলৈ আহে।

বাতৰি মতে, এক মাংস গৱেষণা কেন্দ্ৰত কৰ্মৰত দুজন লোক বজাৰলৈ অহাৰ পাছত তেওঁলোক আক্ৰান্ত হোৱাটো ধৰা পৰে।

তেওঁলোকৰ তাত কেনেদৰে সংক্ৰমণ ঘটিল সেয়া অৱশ্যে এতিয়াও নিশ্চিত হ’ব পৰা নাই।

ইপিনে, চীনত দ্বিতীয় পৰ্যায়ৰ কৰ’না সংক্ৰমণৰ বাতৰিয়ে গোটেই বিশ্বক উদ্বিগ্ন কৰি তুলিছে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰৰ মাজভাগত প্ৰথমবাৰ চীনৰ হোৱেই প্ৰদেশৰ ৰাজধানী উহানত এখন বজাৰত এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল।

আনহাতে, আমেৰিকাকে ধৰি কেইবাখনো দেশে প্ৰথমবাৰৰ চীনত কৰ’নাৰ সংক্ৰমণৰ সৱিশেষ তথ্য প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

Related News