NORTHEAST NOW (Assamese)
অসম

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2025 7:31 pm
গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

বেন এণ্ড জেৰী আইচক্ৰীমৰ সহ-প্ৰতিষ্ঠাপক তথা সামাজিক কৰ্মী বেন কোহেনক গাজা যুদ্ধত আমেৰিকাৰ চেনেটে ইজৰাইলক সমৰ্থন কৰাৰ প্ৰতিবাদ কৰাৰ সময়তে গ্ৰেপ্তাৰ হয়। ঘটনাৰ সময়ত স্বাস্থ্য সচিব ৰবাৰ্ট কেনেডী জুনিয়ৰে এক শুনানিত বক্তব্য ৰাখিছিল।

ভাইৰেল ভিডিঅ’টোত কোহেনে শ্লোগান দি থাকি থিয় হৈ কোৱা দেখা গৈছে যে ‘কংগ্ৰেছে বোমাৰ বাবে ধন’ দিছে। তাৰ পাছত নিৰাপত্তাৰক্ষীসকলে তেওঁক টানি লৈ যায়।

কোহেনকে ধৰি মুঠ সাতজন লোকক “বাধা দিয়া বা ব্যাঘাত জন্মোৱা”ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। যদিহে দোষী সাব্যস্ত হয় তেন্তে কোহেনে ৯০ দিনৰ কাৰাদণ্ড বা ৫০০ ডলাৰ জৰিমনা বা দুয়োটাৰে সন্মুখীন হ’ব পাৰে।

গ্ৰেপ্তাৰ হোৱাৰ পিছত কোহেনে টুইট কৰি কয় যে, “মই কংগ্ৰেছক কৈছিলো যে তেওঁলোকে গাজাত বোমা কিনি দৰিদ্ৰ শিশুক হত্যা কৰিছে, আৰু আমেৰিকাৰ দৰিদ্ৰ শিশুৰ বাবে মেডিকেড কৰ্তন কৰি ইয়াৰ মূল্য দিছে।”

উল্লেখ্য যে ২০২১ চনত পশ্চিম পাৰৰ ইজৰাইলী বসতিস্থলত আইচক্ৰীম বিক্ৰী বন্ধ কৰি বেন এণ্ড জেৰী’য়ে আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছিল। ২০২৩ চনত ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জৰ মুক্তিৰ দাবীত প্ৰতিবাদত কোহেনক গ্ৰেপ্তাৰ কৰা হৈছিল।