NORTHEAST NOW (Assamese)

গুৱাহাটীতো পাব, ভাৰতত মুকলি বেনেলিৰ ৰেত্ৰ’-ক্লাছিক ক্ৰুজাৰ Imperiale 400

October 22, 2019 5:04 pm · এন ই নাও নিউজ
Updated: October 22, 2019 5:22 pm
ইম্পেৰিয়াহালে ৪০০। ছবি-- বেনেলিৰ ৱে’বচাইটৰ।

বিশ্ব প্ৰসিদ্ধ বেনেলিয়ে ভাৰতীয় বজাৰত ইয়াৰ প্ৰথম ৰেত্ৰ’ মটৰবাইক ইম্পেৰিয়াহালে ৪০০ (Imperiale 400) মুকলি কৰিছে।

দুয়োখন বিশ্ব যুদ্ধৰ সাক্ষী বেনেলিৰ ১৯৫০ৰ দশকৰ ক্লাছিক মত’-বাইক ৰে’ঞ্জৰ ৰিভিজিট ইম্পেৰিয়াহালে ৪০০ গুৱাহাটীতো উপলব্ধ হ’ব।

ভাৰতীয় বজাৰত ইম্পেৰিয়াহালে ৪০০ৰ দাম ৰখা হৈছে ১.৬৯ লাখ টকা (এক্স শ্ব’ৰুম)।

বাইকখনত আগবঢ়োৱা হৈছে ৩ বছৰ/ আনলিমিটেদ কি.মি.লৈকে ৱেৰাণ্টি।

গুৱাহাটীতো দীলাৰ থকা বেনেলিয়ে মাত্ৰ ৪০০০ টকাতে বাইকখনৰ প্ৰী-বুকিঙৰ সুবিধা আগবঢ়াইছিল।

ৰেত্ৰ’-ক্লাছিক ক্ৰুজাৰ ইম্পেৰিয়াহালে ৪০০-ৰ দিজাইন আৰামদায়ক বুলি বেনেলিয়ে দাবী কৰিছে।

ওখ হেন্দলবাৰ আৰু আপৰাইট ৰাইদ পজিছনে বাইকখন দীঘলীয়া ভ্ৰমণৰ বাবে আৰামদায়ক কৰি তুলিব পাৰে।

এক চিলিন্দাৰ, ৪ ষ্ট্ৰ’ক, এয়াৰ কুলদ এঞ্জিনযুক্ত ইম্পেৰিয়াহালে ৪০০-ৰ দুয়োটা চকাতে এ বি এছৰ সৈতে চিংগল দিস্ক ব্ৰে’ক আছে।

৩৭৪চিচি এঞ্জিন দিছপ্লে’চমেণ্টৰ বাইকখনৰ টৰ্ক আউটপুট ৪৫০০আৰ পি এম-ত ২৯এন এম।

বাইকখনৰ ফিউল টেংকৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা ১২ লিটাৰ।

ম.বাইক নিৰ্মাণত এশ বছৰ পাৰ কৰা বেনেলি অৰিজিনেলি ইটালিয়ান কাম্পেনি। কিন্তু ২০০৫ চনৰ পৰা ই চীনা প্ৰতিষ্ঠান জিয়ান জিয়াং (QJIAN JIANG) গোটৰ মালিকানাধীন।

শেহতীয়াকৈ ভাৰততো সমাদৰ লাভ কৰা বেনেলিয়ে হায়দৰাবাদৰ একমাত্ৰ ভাৰতীয় কাৰখানা (assembly unit)টোৰ বাৰ্ষিক বাইক উৎপাদন ক্ষমতা পূৰ্বৰ ৭০০০ৰ পৰা এতিয়া ২০০০০ খনলৈ বৃদ্ধি কৰিছে।

ভাৰত চৰকাৰে শেহতীয়াকৈ ইলেক্ত্ৰিক বাহনৰ ক্ষেত্ৰত অধিক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ প্ৰতি লক্ষ্য ৰাখি বেনেলিয়ে ইভি উৎপাদনৰ প্ৰতিও মন মেলিছে।

চীনত শ্বাংহাইৰ পৰা ৫০০ কি.মি. দূৰৰ ৱেনলিঙত থকা বেনেলিৰ ফেক্তৰিত বছৰি ১২লাখ খন বাহন তৈয়াৰ কৰা হয়।

ইম্পেৰিয়াহালে ৪০০-ৰ দামকে ধৰি সবিশেষ তথ্যৰ বিষয়ে জনাৰ বাবে বেনেলি ইন্দিয়াক 073289 03004 নম্বৰত ফ’ন কৰিব পাৰে। তেওঁলোকৰ ইমেইল customercare@benelli-india.com আৰু info@benelli-india.com (।)

Related News