NORTHEAST NOW (Assamese)
Popular Stories

পেগাচাছ বিতৰ্ক : বংগৰ তদন্ত আয়োগৰ তদন্ত স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2021 7:20 pm
Pegasus Snooping

বংগ চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এম বি লোকুৰৰ নেতৃত্বত গঠিত তদন্ত আয়োগৰ দ্বাৰা পেগাচাছ বিতৰ্কৰ চলিত তদন্ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত এখন বিচাৰপীঠে এক আবেদনৰ প্ৰতি লক্ষ্য ৰাখি কয় যে পশ্চিম বংগ চৰকাৰে লোকুৰ পেনেলে তদন্ত আগবঢ়াব নোৱাৰিব বুলি আশ্বাস দিয়া স্বত্বেও আয়োগে ইয়াৰ কাম আৰম্ভ কৰিছে।

উচ্চতম ন্যায়ালয়ে ২৭ অক্টোবৰত ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ কথিত ব্যৱহাৰৰ তদন্তৰ বাবে চাইবাৰ বিশেষজ্ঞৰ তিনিজনীয়া পেনেল নিয়োগ কৰি কৈছিল যে প্ৰতিজন নাগৰিকক গোপনীয়তা উলংঘনৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰয়োজন আৰু ৰাজ্যৰ দ্বাৰা কেৱল ৰাষ্ট্ৰীয় সুৰক্ষা আহ্বান কৰিলেই ন্যায়ালয়ক মূক দৰ্শক হিচাপে পৰিগণিত নকৰে।

উল্লেখ্য যে যোৱা মাহত পশ্চিম বংগ চৰকাৰে ঘোষণা কৰা তদন্ত আয়োগৰ সদস্য হিচাপে আছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ লোকুৰ আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জ্যোতিৰ্ময় ভট্টাচাৰ্য।

এটা আন্তৰ্জাতিক মিডিয়া কনচৰ্টিয়ামে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি ৩০০ তকৈও অধিক ভাৰতীয় মোবাইল ফোন নম্বৰৰ চোৰাংচোৱাৰ লক্ষ্য কৰা হৈছে।