কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ বিৰুদ্ধে নতুন অভিযোগনামা; আদালতৰ চমন

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ যেডুৰাপ্পাৰ বিৰুদ্ধে পকছো গোচৰত চিআইডিয়ে দিয়া নতুন এক অভিযোগনামা শনিবাৰে বেংগালুৰুৰ বিশেষ আদালতে গ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ লগতে আন তিনিজন অভিযুক্তক চমন জাৰি কৰি ১৫ মাৰ্চত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।
২০২৪ চনৰ ১৪ মাৰ্চত য়েডুৰাপ্পাৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল। এগৰাকী মহিলাই দাবী কৰা মতে, সেই বছৰৰ ২ ফেব্ৰুৱাৰীত তেওঁ ১৭ বছৰীয়া কন্যা সন্তানৰ সৈতে য়েডুৰাপ্পাৰ বেংগালুৰুৰ ঘৰলৈ সহায় বিচাৰি গৈছিল। অভিযোগ অনুসৰি সেই সময়ত য়েডুৰাপ্পাই ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছিল।
২৭ জুনত ফাষ্ট ট্ৰেক আদালতত দাখিল কৰা চাৰ্জশ্বীটত চিআইডিয়ে দাবী কৰিছিল যে য়েডুৰাপ্পা আৰু আন তিনিজন অভিযুক্তই মাতৃ-কন্যাক ধনৰ প্ৰস্তাৱ দি মুখ বন্ধ কৰিব বিচাৰিছিল। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ কেইবাটাও ধাৰাত অভিযোগ উত্থাপন কৰা হৈছিল।
তেওঁৰ দুই সহায়ক অৰুণ ৱাই এম, ৰুদ্ৰেশ এম আৰু জি মৰিস্বামীৰ বিৰুদ্ধে প্ৰমাণ নষ্ট কৰাৰ লগতে অপৰাধ ঢাকিবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
এই অভিযোগ অস্বীকাৰ কৰি য়েডুৰাপ্পাৰ অধিবক্তাই আদালতত দাবী কৰে যে মাতৃ আৰু কন্যাই আন এজন ব্যক্তিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ লৈ তেওঁৰ কাষ চাপিছিল। কিন্তু চৰকাৰী পক্ষৰ ওলোটা দাবী যে য়েডুৰাপ্পাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে। ইতিমধ্যে অভিযোগকাৰীৰ মাতৃৰ হাওঁফাওঁৰ কৰ্কট ৰোগত যোৱা মে’ মাহত মৃত্যু হৈছে।