NORTHEAST NOW (Assamese)
দেশ

জঘন্য! ৭৪ বৰ্ষীয় অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত ধৰ্ষিতা ৭ বছৰীয়া শিশু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 16, 2023 9:16 am
Child rape

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা, বৃদ্ধি পাইছে ধৰ্ষণ। বিকৃত যৌন মানসিকতাৰ চিকাৰ হৈছে নিবোধ শিশুও। দাক্ষিণাত্যৰ চহৰ বাংগালুৰুত সংঘটিত এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকৰ কামনাৰ বলি হৈছে এটি ৭ বছৰীয়া কন্যা শিশু। পাষাণ ব্যক্তিগৰাকীয়ে ধৰ্ষণ কৰিছে তেওঁৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এহাল দম্পতীৰ সাত বছৰীয়া কন্যা শিশুক।

শিশুটিৰ মাতৃৰ মতে, সোমবাৰে নিশা প্ৰায় ৮:৩০ বজাত তলৰ মহলালৈ পৰি যোৱা খেলনা বুটলি ল’বলৈ শিশুটি তললৈ নামি আহিছিল। কিন্তু খেলনা আনিবলৈ যোৱা শিশুটি বহু পৰলৈ ঘূৰি নাহে।

কিছু সময় পিছত শিশুটিয়ে কান্দি কান্দি উভতি আহে। শিশুটিৰ দুয়োটা ওঁঠ ফুলি উঠিছিল বুলিও দাবী কৰে মাকে। তলৰ মহলাত শিশুটিৰ সৈতে কিবা ঘটিছিল নেকি প্ৰশ্ন কৰাত ভয়ত বিতত হৈ পৰা শিশুটিয়ে জোৰেৰে কান্দি উঠে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ই

ফালে শিশুটিৰ পিতৃয়ে অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ যোৱাৰ সময়ত বিষয়াগৰাকীৰ পুত্ৰই তেওঁক ভাবুকি দিছিল বুলি দাবী কৰিছে। এই ঘটনাক গাপ দি ৰাখিবলৈ ধনৰ লোভ দেখুৱাই মনে মনে ঘৰটো খালী কৰিবলৈ ভাবুকি দিয়া বুলিও দাবী কৰিছে শিশুটিৰ পিতৃয়ে।

ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। শিশুটিৰ পিতৃৰ অভিযোগৰ আধাৰত আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্ত প্ৰাক্তন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।

আনহাতে ভুক্তভোগী শিশুটি আৰু অভিযুক্ত দুয়োৰে চিকিৎসা পৰীক্ষা চলি আছে বুলি সদৰী কৰি আৰক্ষীয়ে ধৃত প্ৰাক্তন আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পুত্ৰৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ব পাৰে বুলি জানিবলৈ দিয়ে।