NORTHEAST NOW (Assamese)

আঁতৰিল অনিশ্চয়তা; দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামতে হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড বনাম বাংগালুৰু এফ চিৰ মেচ

December 18, 2019 1:51 pm · এন ই নাও নিউজ
ফাইল ফটো

আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু যোৱাবাৰৰ চেম্পিয়ন দল বাংগালুৰু এফ চিৰ মাজত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ মেচ।

ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডে আজি ছিজনৰ অষ্টমখন মেচত ভাগ লোৱাৰ বিপৰীতে বাংগালুৰুৱে নৱম মেচত অংশ ল’ব।

এই পৰ্যন্ত সাতখন মেচৰ পৰা ১০ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডৰ তিনি পইণ্ট সংগ্ৰহ কৰাটোৱেই হল আজিৰ মেচখনৰ প্ৰধান লক্ষ্য। এই কথা মন্তব্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিৰ।

আঘাতৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ষ্টাৰ ষ্ট্ৰাইকাৰ আছামোহ জিয়ানে আজিৰ খেলত অংশ ল’ব নোৱাৰিব।

ইফালে আঠখন মেচৰ পৰা ১৩ পইণ্ট সংগ্ৰহ কৰা বাংগালুৰু এফ চিৰ খেলুৱৈ সকল মেচখনক লৈ যথেষ্ট আত্মবিশ্বাসী বুলি প্ৰশিক্ষকে জনায়।

দুয়ো দলে নিজৰ নিজৰ অন্তিম মেচত পৰাজয়বৰণ কৰিছে। নৰ্থ-ইষ্টে এ টি কেৰ বিৰুদ্ধে আৰু বাংগালুৰু মুম্বাই বিৰুদ্ধে পৰাস্ত হয়।

উল্লেখ্যে যে ‘কা’ক লৈ হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে আয়োজকে আইন-শৃংখলাৰ দোহাই দি আজিৰ মেচখন প্ৰথমে বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু মঙলবাৰে নিশা হোৱা আয়োজক আৰু জিলা প্ৰশাসনৰ বৈঠকৰ অন্তত খেলখন দৰ্শকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজি ৰাতিপুৱা ৯ বজাৰ পৰা দৰ্শকৰ বাবে টিকট মুকলি কৰি দিয়াৰ লগতে মেচখন সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে।

আনহাতে শেহতীয়াকৈ গুৱাহাটীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড আৰু চেন্নাইন এফ চিৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩৭ নম্বৰ খেলখন স্থগিত ৰখা হৈছিল।

Related News