NORTHEAST NOW (Assamese)
অসম

যোগত বিশ্ব অভিলেখ গুৱাহাটীৰ লিটল মাষ্টাৰ ত্ৰিদিপ বৰ্মণৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 20, 2020 4:37 pm
e33ffe17-c6a1

গুৱাহাটী বশিষ্ঠ বৰপথাৰৰ নিবাসী ৰাজকুমাৰ বৰ্মণ আৰু বিনীতা বৰ্মণৰ পুত্ৰ লিটল মাষ্টাৰ ত্ৰিদীপ কুমাৰ বৰ্মণে ২০১৯ বৰ্ষৰ Best Asian Little Yoga Master Award লাভ কৰিবলৈ সক্ষম হয়।

লালমাটিৰ মহৰ্ষি বিদ্যামন্দিৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ত্ৰিদীপে এতিয়ালৈকে যোগ চৰ্চাত বহুকেইটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে ৰাজ্যিক পৰ্য্যায়ত বহুকেইটা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

বেষ্ট এছিয়ান যোগা মাষ্টাৰ, বেষ্ট যোগা প্লেয়াৰ সন্মানকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ৮টা সোণ, ১০টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিদিপ কুমাৰ বৰ্মনে।

ইয়াৰোপৰি, ২০২০ বৰ্ষত পাঞ্জাৱত অনুষ্ঠিত হোৱা অনলাইন যোগ প্ৰতিযোগিতাত Best International Yoga Player Award 2020 সন্মানৰে সন্মানিত হয়।

ত্ৰিদীপ বৰ্মণৰ লক্ষ্য গ্ৰীণিজ বুক অব ৰেকৰ্ড গঢ়িবলৈ। যোগগুৰু পল্লৱী দত্তৰ জৰিয়তে যোগচেন্স চেন্টাৰত যোগৰ আদি শিক্ষা লাভ কৰাৰ পাছতেই ত্ৰিদীপ বৰ্তমান দিছপুৰ দেৱদাৰু পথত থকা সুদৰ্শন যোগ চেন্টাৰত যোগগুৰু অসীম বৰুৱাৰ পৰা প্ৰশিক্ষণ লোৱাত ব্যস্ত।