NORTHEAST NOW (Assamese)

ভাৰত বন্ধ : নগাঁৱত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত কংগ্ৰেছ কৰ্মী, ৰকিবুলসহ কেইবাজনক আটক

September 10, 2018 10:44 pm · মিণ্টু দাস
আৰক্ষী নিৱেশৰ সভাগৃহত আটক কৰি ৰখাৰ সময়ত

পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি কংগ্ৰেছ আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত। কংগ্ৰেছৰ প্ৰতি সমৰ্থন নাথাাকিলেও মূল্যবৃদ্ধিত জ্বলাকলা খোৱা সাধাৰণ জনতাই বন্ধত দোকান-পোহাৰ, যান-বাহনৰ চলাচল, প্ৰতিষ্ঠান বন্ধ ৰাখে।

আনহাতে, চৰকাৰী স্কুল কলেজ, কাৰ্যালয় খোলা থাকে যদিও কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, নাগৰিকৰ উপস্হিতি আছিল যথেষ্ট সেৰেঙা।

বন্ধৰ সময়ত কংগ্ৰেছৰ নেতা সমৰ্থকে নগাঁও চহৰৰ ঠায়ে ঠায়ে ভাবুকি দিয়াৰ অভিযোগ উঠিছে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত জিলা কংগ্ৰেছৰ এটা বৃহৎ দলে বন্ধৰ সমৰ্থনত নগাঁও চহৰত ৰেলী উলিওৱাৰ বাবে আৰক্ষীয়ে চহৰখনৰ ফৌজদাৰীপট্টিৰ পৰা ৰকিবুলসহ প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ আহে।

পিছত যুৱ কংগ্ৰেছ, এন এছ ইউ আই আদিকে ধৰি কংগ্ৰেছৰ কেবাটাও ভাতৃ সংগঠনৰ কেবা শতাধিক কৰ্মীয়ে সদৰ থানা ঘেৰাও কৰি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনকি, আৰক্ষীৰ সৈতে যুৱ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে হতাহতিতো লিপ্ত হয়।

পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে নগাঁৱত বলবৎ হৈ থকা ১৪৪ ধাৰাক অৱমাননা কৰাৰ অপৰাধত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ বন্ধৰ সমৰ্থক দলটোক নগাঁও আৰক্ষী নিৱেশৰ সভাগৃহলৈ স্থানান্তৰিত কৰে। গ্ৰেপ্তাৰ কৰা কংগ্ৰেছৰ কেবা শতাধিক কৰ্মীয়ে আৰক্ষী নিৱেশতেই অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে দীৰ্ঘসময় উত্তাল পৰিৱেশৰ সৃষ্টি কৰি ৰাখে।

অৱশ্যে, গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ কৰ্মীসকলক বিয়লি ৩ বজাত মুকলি কৰি দিয়া হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কংগ্ৰেছৰ আন আন নেতাৰ ভিতৰত আছে – প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, কংগ্ৰেছ নেতা ক্ৰমে সুৰেশ বৰা, ৰাজঝাষি বৰা আদি।

Related News