NORTHEAST NOW (Assamese)

কৃষকৰ সমৰ্থনত অনশনত বহিল আন্না হাজাৰে, ক’লে- চৰকাৰে আশ্বাসহে দিয়ে, কেতিয়াও দাবী পূৰণ নকৰে

December 8, 2020 12:08 pm · এন ই নাও নিউজ

নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সমৰ্থনত আজি এদিনীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে সমাজকৰ্মী আন্না হাজাৰেই।

প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে আজি দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

হাজাৰেই এই সন্দৰ্ভত কয় যে দেশত আন্দোলন হ’ব লাগে যাতে চৰকাৰৰ ওপৰত হেচা পৰে আৰু তেওঁলোকে কৃষকসকলৰ হিতৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

সমাজকৰ্মী আন্নাই এটা ৰেকৰ্ডিং বাৰ্তাৰ জৰিয়তে দেশবাসীক আহ্বান জনাই কয় যে দিল্লীত যি আন্দোলন চলি আছে, সেয়া সমগ্ৰ দেশতে হ’ব লাগে।

চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰিবলৈ এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী আৰু ইয়াৰ বাবে কৃষকসকল পথলৈ ওলাই আহিব লাগিব বুলিও আন্নাই কয়।

ইয়াৰ উপৰি তেওঁ কোনো লোককে হিংসাৰ আশ্ৰয় নল’বলৈও আহ্বান জনাই কৃষকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজপথলৈ ওলাই অহা এয়া সঠিক সময় বুলি মন্তব্য কৰে।

উল্লেখ্য যে আন্না হাজাৰেই মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ ৰালেগণ সিদ্ধি গাঁৱত এই অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

তেওঁ লগতে কয় যে চৰকাৰে কেৱল আশ্বাসহে দিয়ে, কেতিয়াও দাবী পূৰণ নকৰে।

Related News