NORTHEAST NOW (Assamese)

এইবাৰ নাকৰ ড্ৰপৰ দৰেই গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন প্ৰস্তুত কৰিব ভাৰতে

September 24, 2020 2:46 pm · এন ই নাও নিউজ

ক’ৰ’ণা ভাইৰাছে কালান্তক ৰুপ ধাৰণ কৰাৰ সময়তে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ভেকচিন আবিষ্কাৰৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আমাৰ ভাৰততো দুটাকৈ ক’ৰ’ণাৰ ভেকচিনৰ কাম চলি আছে।

এনে সময়তে ভাৰতে ক’ৰ’ণা ভাইৰাছৰ নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিন প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হৈছে।

ভাৰত বায়’টেক নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব নাকেৰে গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন উৎপাদনৰ কাম।

ভাৰত বায়’টেকৰ  পদাধিকাৰ কৃষ্ণা এল্লাই প্ৰকাশ কৰা মতে আমেৰিকাৰ মিচৌৰীস্থিত ৱাশ্বিংটন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনে আবিষ্কাৰ কৰা নাকেৰে ল’ব পৰা ভেকচিন বিধৰ ১০০ কোটি ডোজ ভাৰতৰ ভাৰত বায়’টেকক প্ৰস্তুত কৰিবলৈ অনুমতি দিছে।

ভাৰত বায়’টেকে এই ডোজ সমূহ প্ৰস্তুত কৰি দেশৰ লগতে বিদেশলৈয়ো পঠিয়াব বুলি তেওঁ জানিবলৈ দিয়ে।

নাকেৰে ল’ব পৰা এই ভেকচিন সম্পূৰ্ণ নিৰাপদ বুলিও তেওঁ প্ৰকাশ কৰে ।

উল্লেখ্য চীনেও এনে ভেকচিন আৱিষ্কাৰ কৰা বুলি দাবী কৰি আহিছে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা নাকেৰে  ল’ব পৰা ভেকচিনৰ পৰীক্ষণো ভাৰততে কৰা হব বুলি জানিব পৰা গৈছে।

Related News