NORTHEAST NOW (Assamese)
অসম

এইবাৰ দেশত কোভাক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন চৰকাৰী বিশেষজ্ঞ কমিটিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2021 7:36 am
Covaxin-1024x512

কোভিশিল্ডৰ পাছত এইবাৰ দেশত কোভাক্সিনে লাভ কৰিলে অনুমোদন। চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড ক’ন্ত্ৰ’ল অৰ্গেনাইজেশ্যনে জৰুৰী ব্যৱহাৰৰ বাবে ভাৰত বায়’টেকৰ কোভাক্সিনক সেউজ সংকেত দিছে আৰু ডিজিচিআইয়ে ইয়াৰ অনুমোদন দিব।

আইচিএমআৰ আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই ভেকচিন।

শনিবাৰে আষ্ট্ৰাজেনেকাৰ কোভিশিল্ড ভেকচিনক অনুমোদন দিছিল বিশেষজ্ঞ কমিটিয়ে। ভাৰতত সেই ভেকচিনৰ উৎপাদন কৰিছে ছেৰাম ইনষ্টিটিউটে। দেওবাৰে দেশীয় প্ৰযুক্তিত প্ৰস্তুত কৰি উলিওৱা কোভাক্সিনকো অনুমোদন দিয়া হৈছে।

শুকুৰবাৰে বিশেষজ্ঞ কমিটিয়ে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে স্বেচ্ছাসেৱকৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ কৈছিল। এইবাৰ এই ভেকচিনটোৱেও অনুমোদন লাভ কৰিলে।

মাত্ৰ কেইখনমানৰ দেশৰ মাজত ভাৰততো চাৰিটা ভেকচিন প্ৰস্তুত হৈছে। সেইকেইটা হৈছে কোভিশিল্ড, কোভাক্সিন, জাইডাক কেডিলাৰ ZyCoV-D আৰু ৰাছিয়াৰ Sputnik-V।

ইপিনে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্দ্ধনে কয় যে তিনি কোটি কৰ’না যোদ্ধাক বিনামূলীয়াকৈ কৰ’নাৰ ভেকচিন দিয়া হ’ব। চলিত মাহতেই টীকাকৰণ আৰম্ভ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।