NORTHEAST NOW (Assamese)

ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

September 12, 2021 7:13 pm · এন ই নাও নিউজ

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈ ৰাজনৈতিক মহলত নানান জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী গৰাকী বাচি উলিওৱা হয়।

সেই মৰ্মে ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰাৰ পিছতে আজি ৰূপানীয়েই ভূপেন্দ্ৰ পেটেলৰ নামটো মুখ্যমন্ত্ৰী হিচাবে প্ৰস্তাৱ কৰে।

ভূপেন্দ্ৰ পেটেল গুজৰাটৰ ঘাটলডিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক।

উল্লেখ্য বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে গুজৰাটত শাসনাধীষ্ঠ বিজেপিত নেতৃত্ব সলনিৰ নতুন সমীকৰণ আৰম্ভ হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা সেয়ে পদত্যাগ কৰিছিল বিজয় ৰূপানিয়ে।

উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ পাছত এইবাৰ গুজৰাটত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নেতৃত্ব সলনি কৰিলে।

গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ বাবে দলৰ ভিতৰত চাৰি-পাঁচজন নেতাৰ নাম চৰ্চিত হৈ আছিল। ইয়াৰ ভিতৰত আছিল পুৰুষোত্তম ৰূপালা, উপ মুখ্যমন্ত্ৰী নিতীন পেটেল আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্য আদি।

সন্মুখত বিধানসভাৰ নিৰ্বাচন থকালৈ চাই এয়া কেৱল মুখ্যমন্ত্ৰী সলনি কৰাৰ বিষয় নহয়, বৰঞ্চ গুজৰাটত বিজেপিক ধৰি ৰখাৰ যুঁজৰ কথাও ইয়াত জৰিত আছে বুলি বহুতে আলোচনা কৰিছে।

Related News