NORTHEAST NOW (Assamese)

মহাকুম্ভ পৰিদৰ্শন কৰি ত্ৰিবেণী সংগমত স্নান কৰিলে ভূটানৰ নৃপতিয়ে

February 6, 2025 8:43 am · এন ই নাও নিউজ, গুৱাহাটী

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে মঙলবাৰে মহাকুম্ভ পৰিদৰ্শন কৰি ত্ৰিবেণী সংগমত ডুব মাৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে ৰজাই স্নান কৰাৰ পূৰ্বে সূৰ্য্যক ‘অৰ্ঘ আগবঢ়োৱাৰ পৰিলক্ষিত হয়।

বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ভূটানৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা ৱাংচুকে স্নান কৰাৰ সময়ত কেশৰ ৰঙৰ দীঘল কুৰ্তা আৰু পায়জামা পিন্ধা দেখা গৈছিল।

স্নান কৰাৰ পাছত ভূটানৰ ৰজাই হিন্দু সকলৰ প্ৰতীক পূজনীয় অক্ষয়ৱত আৰু বাদে হনুমান মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে।

সোমবাৰে থিম্ফুৰ পৰা লক্ষ্ণৌলৈ অহা ৰজাগৰাকীক তীৰ্থযাত্ৰাৰ বাবে প্ৰয়াগৰাজলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী আদিত্যনাথে উষ্ম আদৰণি জনায়।

Related News