NORTHEAST NOW (Assamese)
অসম

মাস্কৰ পদক্ষেপকলৈ অসন্তুষ্ট বিডেন! ‘টুইটাৰে সমগ্ৰ বিশ্বতে মিছা কথা বিয়পাই আছে’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2022 8:32 am

টুইটাৰ এতিয়া ডনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ এজন আমেৰিকান বিলিয়নেয়াৰ এলন মাস্কৰ মালিকানাধীন। টেছলাৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে টুইটাৰ তেওঁৰ নিয়ন্ত্ৰণত অনাৰ পিছতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে মাস্কৰ এনে ধৰণৰ কাণ্ড কাৰখানাবোৰ ভালদৰে গ্ৰহণ নাই। তেওঁৰ মতে, টুইটাৰে সমগ্ৰ বিশ্বতে মিছা কথা বিয়পাই আছে।

লগতে পঢ়ক: গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত! দলৰ পৰা পদত্যাগ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীৰ

“এতিয়া আমি সকলোৱে দেখিছোঁ যে এলন মাস্কে এটা সঁজুলি কিনিছে; যিটোৱে গোটেই পৃথিৱীতে মিছা কথা বিয়পাই আছে। আমি সকলোৱে ইয়াত শংকিত; কাৰণ আমেৰিকাত এতিয়া আৰু কোনো সম্পাদক নাই… কোনো সম্পাদক নাই।‘’

আনহাতে, টুইটাৰক “মত প্ৰকাশৰ স্বাধীনতা স্বৰ্গ” হিচাপে গঢ়ি তোলাৰ বাবে এলন মাস্কে যি ঘোষণা কৰিছে সেই সন্দৰ্ভত বিডেনে কয়, “আমাৰ সন্তানসকল এতিয়া বিপদাশংকাত আছে। তেওঁলোকে যে বিষয়টো (টুইটাৰৰ মত প্ৰকাশৰ স্বাধীনতা) বুজিব সেইটো আমি কেনেকৈ আশা কৰিম?”