NORTHEAST NOW (Assamese)
Popular Stories

কুকুৰৰ নেজ চিধা নহয়! পুনৰ এজন লোকক কামুৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ কুকুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2021 8:24 pm

হোৱাইট হাউচত পুনৰ মানুহক কামুৰিলে জ’ বিডেনৰ কুকুৰ ‘মেজৰ’-এ।

যোৱা ৮ মাৰ্চতো কুকুৰটোৱে এজন নিৰপত্তাৰক্ষীক কামুৰি সংবাদপত্ৰৰ শিৰোনামা দখল কৰিছিল।

তাৰ পাছতে কুকুৰটোক এটা ট্ৰেইনিং চেণ্টাৰলৈ লৈ যোৱা হৈছিল।

মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ দুটা কুকুৰ আছে।

তাৰ ভিতৰত বয়সত সৰু মেজৰ ২০১৯ চনত ৰাষ্ট্ৰপতিজনে উদ্ধাৰ কৰি তুলি লৈছিল।

উল্লেখযোগ্য যে হোৱাইট হাউচৰ ইতিহাসত যিকোনো ৰাষ্ট্ৰপতিৰ এইটোৱে প্ৰথম উদ্ধাৰ কৰি তুলি লোৱা কুকুৰ।

ৰাষ্ট্ৰপতিজনৰ আনটো কুকুৰৰ নাম চেম্প।

তাৰ বয়স ১৩।

”সি এটা মৰমলগা কুকুৰ।”- ৰাষ্ট্ৰপতি বিডেনে মেজৰ সন্দৰ্ভত এইদৰে কৈছিল।

ৰাষ্ট্ৰপতিজনে কয় যে হোৱাইট হাউচৰ পঁচাশী শতাংশ লোকে মেজৰক ভাল পায়।

কিন্তু মেজৰে নিজৰ মেজাজতে হোৱাইট হাউচত বাস কৰি আহিছে।

”সি তেওঁলোকক নেচেলেকে আৰু নেজো নলৰায়।”- ৰাষ্ট্ৰপতিজনে কয়।

সোমবাৰে মেজৰে পুনৰ এজন লোকক কামোৰ সোধায়।

মাৰ্কিন ফাৰ্ষ্ট লেডী লিলী বিডেনৰ মুখপাত্ৰ মিচেল লাৰ’ছাই এই সন্দৰ্ভত কয় যে মেজৰে এতিয়াও হোৱাইট হাউচৰ স’তে নিজকে খাপ খোৱাই ল’বলৈ চেষ্টা কৰে।

সংবাদ প্ৰতিষ্ঠান চিএনএনৰ (CNN) মতে, কামোৰ খোৱা লোকজন নেচনেল পাৰ্ক চাৰ্ভিছৰ এগৰাকী কৰ্মচাৰী।

অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।