NORTHEAST NOW (Assamese)
Popular Stories

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2026 7:03 pm

দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ অধিকাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আদালতে এগৰাকী শিক্ষয়িত্ৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিছে যে দিল্লীৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা শিক্ষক সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ দৰে চাইল্ড কেয়াৰ লিভ অৰ্থাৎ সন্তানৰ যত্নৰ বাবে লোৱা ছুটিৰ সম্পূৰ্ণ অধিকাৰী হ‘ব। মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ খণ্ডপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় খাৰিজ কৰি কয় যে দিল্লী স্কুল শিক্ষা নিয়মাৱলীৰ অধীনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্মচাৰীসকলেও চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীৰ দৰেই সম হাৰত ছুটিৰ সুবিধা লাভ কৰিব লাগে।

এই সমগ্ৰ ঘটনাটো এটা স্বীকৃতিপ্ৰাপ্ত কিন্তু চৰকাৰী সাহায্য লাভ নকৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে জড়িত আছিল। শিক্ষয়িত্ৰীগৰাকীয়ে দ্বাদশ শ্ৰেণীত পঢ়ি থকা পুত্ৰৰ চোৱাচিতা কৰাৰ বাবে চাইল্ড কেয়াৰ লিভ বিচাৰি আবেদন কৰিছিল। আবেদনত উল্লেখ কৰা হৈছিল যে তেওঁৰ পুত্ৰই ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ বাবে পৰীক্ষা আৰু পঢ়া-শুনাৰ মানসিক চাপৰ মাজেৰে গতি কৰিছে, যাৰ বাবে তেওঁক মাতৃৰ সহযোগ আৰু বিশেষ যত্নৰ প্ৰয়োজন আছিল। কিন্তু স্কুল কৰ্তৃপক্ষই তেওঁৰ এই ছুটিৰ দাবী গ্ৰহণ কৰা নাছিল, যাৰ বাবে তেওঁ বাধ্য হৈ আদালতৰ কাষ চাপিবলগীয়া হৈছিল।

প্ৰথম অৱস্থাত গোচৰটোৰ শুনানি গ্ৰহণ কৰি এজনীয়া বিচাৰপীঠে পুৰণি কিছুমান ৰায়ৰ উদ্ধৃতি দি শিক্ষয়িত্ৰীগৰাকীৰ আবেদন খাৰিজ কৰিছিল। আদালতে সেই সময়ত কৈছিল যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰী কৰ্মচাৰীৰ দৰে সকলো সুবিধা পোৱাৰ যোগ্য নহয়। ইয়াৰ পিছতে শিক্ষয়িত্ৰীগৰাকীয়ে এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠত আপিল দাখিল কৰে। শুনানিৰ সময়ত শিক্ষয়িত্ৰীগৰাকীৰ তৰফৰ পৰা যুক্তি দৰ্শোৱা হৈছিল যে দিল্লী স্কুল শিক্ষা আইনৰ নিয়মাৱলী অনুসৰি স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ দৰে ছুটি আৰু অন্যান্য সম পৰ্যায়ৰ সুবিধা পাব লাগে।

উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠে নিজৰ ৰায়দানত কয় যে দিল্লী স্কুল শিক্ষা নিয়মাৱলীৰ নিয়ম স্পষ্ট আৰু ইয়াৰ অনুসৰি স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্মচাৰীসকলে, স্কুলখন সাহায্যপ্ৰাপ্ত হওক বা নহওক, চৰকাৰী বিদ্যালয়ৰ সম পৰ্যায়ৰ কৰ্মচাৰীৰ দৰেই লাভালাভ পোৱাৰ অধিকাৰী। আদালতে কেন্দ্ৰীয় অসামৰিক সেৱা নিয়মৰ কথাও উল্লেখ কৰে, যাৰ অধীনত চৰকাৰী মহিলা কৰ্মচাৰীসকলে নিজৰ দুটা সন্তানৰ শিক্ষা, স্বাস্থ্য আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে সমগ্ৰ চাকৰি জীৱনত সৰ্বাধিক ৭৩০ দিন পৰ্যন্ত চাইল্ড কেয়াৰ লিভ লাভ কৰিব পাৰে। উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যেতিয়া দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে এই সুবিধা পাইছে, তেতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক ইয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰি। আদালতে লগতে কয় যে প্ৰসূতি ছুটি আৰু চাইল্ড কেয়াৰ লিভ হৈছে এনে কিছুমান সুবিধা, যিবোৰ ধনলৈ ৰূপান্তৰ কৰিব নোৱাৰি। শেষত দিল্লী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট বিদ্যালয়খনক শিক্ষয়িত্ৰীগৰাকীৰ আবেদনৰ ওপৰত অতি সোনকালে বিবেচনা কৰি আইন অনুসৰি সঠিক সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে।