NORTHEAST NOW (Assamese)
অসম

চিন্তিত মমতাঃ বংগৰ পুৰুলিয়াত আস্থা ভোটত কংগ্ৰেছৰ হাতত পৰাজিত তৃণমূল কংগ্ৰেছ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 21, 2022 8:42 pm
mamata-banerjee

বংগত পঞ্চায়ত নিৰ্বাচন সমাগত। এনেসময়তে আজি পুৰুলিয়াত আস্থা ভোটত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছে শাসকীয় তৃণমূল কংগ্ৰেছে । মমতা বেনাৰ্জীৰ তৃণমূলে পুৰুলিয়াৰ ঝালদা পৌৰসভাত অনুষ্ঠিত আস্থা ভোটত আজি কংগ্ৰেছৰ হাতত পৰাজিত হয়।

কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আজিৰ দিনটোতে ঝালদা পৌৰসভাত আস্থাভোট অনুষ্ঠিত হয়। পৌৰসভাৰ আস্থাভোটত তৃণমূল পৰাজিত হয়। ঝালদা পৌৰসভাত মুঠ ১২ টা ৱাৰ্ড আছে। সেই ১২ টা ৱাৰ্ডৰ ভিতৰত, পাঁচটা তৃণমূলৰ হাতত আছিল। পাঁচটা কংগ্ৰেছৰ হাতত আছিল। দুটা ৱাৰ্ড নিৰ্দলীয় কাউঞ্চিলৰৰ হাতত আছিল। আজি অনুষ্ঠিত হোৱা আস্থা ভোটত পাঁচজন কংগ্ৰেছ পাৰিষদ আৰু দুজন নিৰ্দলীয় পাৰিষদ উপস্থিত আছিল। কিন্তু এজনো তৃণমূল কংগ্ৰেছৰ পাৰিষদে আস্থা ভোটত অংশগ্ৰহণ কৰা নাছিল।

কংগ্ৰেছে নিৰ্বাচনত সাতটা ভোট লাভ কৰি আস্থা ভোটত বিজয়ী হয়। দুয়োজন নিৰ্দলীয় কাউঞ্চিলৰে কংগ্ৰেছক সমৰ্থন কৰে। ১৩ অক্টোবৰত বিৰোধীয়ে ঝালদা পৌৰসভাৰ অধ্যক্ষ সুৰেশ আগৰৱালাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। এই সম্পৰ্কীয় গোচৰটো কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল।

সেই গোচৰটোৰ শুনানিৰ পিছত উচ্চ ন্যায়ালয়ে আস্থা ভোটৰ নিৰ্দেশ দিছিল। উপ-নিৰ্বাচনৰ ঠিক পিছতে ঝালদা পৌৰসভাত মুখথেকেচা খোৱাত চিন্তিত হৈ পৰিছে মমতা বেনাৰ্জী। পৌৰসভাৰ কংগ্ৰেছৰ পাৰিষদ তপন কান্দুৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচনত তপন কান্দুৰ ভতিজাক মিথুন কান্দুই সেই ৱাৰ্ডত জয়লাভ কৰিল।

১৩ মাৰ্চত তপনক হত্যা কৰা হৈছিল।কিন্তু নিৰ্দলীয় কাউন্সিলাৰ শীলা চট্টোপাধ্যায়ৰ সমৰ্থনত তৃণমূলে পৌৰসভা খন গঠন কৰে। অৱশ্যে, দুৰ্গা পূজাৰ পিছত নিৰ্দলীয় পাৰিষদগৰাকীয়ে অনুন্নয়নৰ অভিযোগত তৃণমূলৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে অনাস্থা প্ৰস্তাৱ অনা হৈছিল।