NORTHEAST NOW (Assamese)
Popular Stories

তামিলনাডুৰ ৰাজনীতিত ডাঙৰ জোকাৰণি, কে আন্নামালাইৰ বিজেপি ত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2026 4:13 pm

তামিলনাডুৰ ৰাজনীতিত এটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, যেতিয়া ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ প্ৰাক্তন প্ৰদেশ সভাপতি কে আন্নামালাইয়ে দলৰ পৰা পদত্যাগ কৰে। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিতিন নবীনক পাঁচ পৃষ্ঠাৰ এটা পদত্যাগ পত্ৰ অৰ্পণ কৰে। পদত্যাগ পত্ৰ জমা দিয়াৰ পিছতে আন্নামালাইয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু তাৰ ঠিক পিছতেই চেন্নাই অভিমুখে ৰাওনা হয়।

সূত্ৰ অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে হোৱা বৈঠকত আন্নামালাইয়ে অতি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দল ত্যাগ কৰাৰ ইচ্ছা স্পষ্টকৈ প্ৰকাশ কৰে। এই বৈঠকত ৰাষ্ট্ৰীয় অধ্যক্ষ নিতিন নবীন আৰু সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষো উপস্থিত আছিল। আন্নামালাইয়ে কয় যে এতিয়া তেওঁ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ দিশ নিজেই স্থিৰ কৰিব বিচাৰে। আনহাতে বিজেপি নেতৃত্বই তেওঁক সংগঠনত ৰাখিবলৈ বহুত চেষ্টা কৰিছিল। তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ কথাও আলোচনা হৈছিল আৰু পৰৱৰ্তী নিৰ্দেশলৈকে দিল্লীতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল। কিন্তু আন্নামালাই নিজৰ সিদ্ধান্ততে অটল থাকিল।

আন্নামালাইৰ পদত্যাগক লৈ যোৱা কেইবামাহো ধৰি চৰ্চা চলি আছিল। ২০২৫ চনত তেওঁৰ ঠাইত নাইনাৰ নাগেন্দ্ৰনক তামিলনাডু বিজেপিৰ প্ৰদেশ সভাপতি কৰাৰ পিছৰে পৰা এই জল্পনা-কল্পনাই অধিক প্ৰসাৰ লাভ কৰিছিল। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এমজিআৰ আৰু জে জয়ললিতাক লৈ আন্নামালাইয়ে কৰা কিছুমান আক্ৰমণাত্মক মন্তব্যই বিজেপি আৰু এআইএডিএমকেৰ মাজৰ মিত্ৰতাত ফাঁট মেলিছিল, যাৰ ৰাজনৈতিক লোকচান দুয়োটা দলেই ভৰিবলগীয়া হৈছিল। ইফালে শেহতীয়াকৈ মাদুৰাইকে ধৰি তামিলনাডুৰ বহু ঠাইত আন্নামালাইৰ সমৰ্থকসকলে ডাঙৰ ডাঙৰ পষ্টাৰ লগাইছিল, য’ত তেওঁক পৰৱৰ্তী অৱতাৰ লৈ তামিলনাডুক ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছিল।

২০২০ চনত ৰাজনীতিত প্ৰৱেশ কৰা কে আন্নামালাই তামিলনাডু বিজেপিৰ আটাইতকৈ কম বয়সীয়া প্ৰদেশ সভাপতি আছিল। এতিয়া তেওঁৰ পদত্যাগৰ পিছত চৰ্চা চলিছে যে তেওঁ এটা ডাঙৰ গণ আন্দোলন আৰম্ভ কৰিব পাৰে। অৱশ্যে এই আন্দোলনে ভৱিষ্যতে কোনো নতুন ৰাজনৈতিক দলৰ ৰূপ ল’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আন্নামালাইয়ে ইংগিত দিছে যে তেওঁ আগন্তুক দুটা দিনৰ ভিতৰত নিজৰ ৰাজনৈতিক ভৱিষ্যত আৰু পৰৱৰ্তী ৰণনীতি সম্পূৰ্ণৰূপে স্পষ্ট কৰি দিব।