NORTHEAST NOW (Assamese)
অসম

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2020 10:06 am

ৰাজ্যৰ সকলো স্তৰৰ লোককে বিনামূলীয়া কোভিড ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত বিহাৰ কেবিনেটত মঙলবাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

‘‘চৰকাৰ গঠন হোৱাৰ পাছত বিহাৰৰ জনসাধাৰণৰ বাবে এয়া আমাৰ এক বৃহৎ উপহাৰ,’’ বিহাৰৰ উপ-মুখ্য মন্ত্ৰী টাৰকিশোৰ প্ৰসাদে কয়।

ইয়াৰ উপৰিও, বিহাৰ কেবিনেটে মঙলবাৰে বৈঠকত আগন্তুক পাঁচবছৰৰ ভিতৰত ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডত ২০ লাখ নতুন নিযুক্তি দিয়াৰ ক্ষেত্ৰতো প্ৰস্তাৱ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ পুনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল।

নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী নীতিশ কুমাৰ আৰু বিজেপিয়ে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে সকলো জনসাধাৰণক বিনামূলীয়া কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

বিহাৰৰ উপৰিও দেশৰ আন বহু কেইখন ৰাজ্যই জনসাধাৰণক বিনামূলীয়া কোভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।

আনহাতে, অহা জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰত দেশৰ জনসাধাৰণে কোভিডৰ ভেকচিন লাভ কৰিব বুলি ভাৰতৰ ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠান চেৰাম ইষ্টিটিউটৰ মুৰব্বীয়ে মত প্ৰকাশ কৰিছে।