‘এণ্ট্ৰী বিজেপি’ ৰণৰ কুচকাৱাজ: ২০ জুনত ষ্টেলিনক সাক্ষাৎ কৰিব নীতিশ কুমাৰে

২৪ ৰ সাধাৰণ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে, সিমানেই এণ্ট্ৰী বিজেপি মৰ্চা গঠনৰ কুচকাৱাজত তৎপৰতাৰে নামি পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিৰোধীৰ মহা সন্মিলন আয়োজনৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা কুমাৰে অহা ২০ জুনত তামিলনাডু ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সাক্ষাৎ কৰিব।
এদিনীয়া এই তামিলনাডু ভ্ৰমণ সামৰণি মাৰি ২১ জুনত পাটনালৈ উভতাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী কুমাৰ। ইতিপূৰ্বেই নীতিশ কুমাৰক তামিলনাডু ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল ষ্টেলিনে।
উল্লেখ্য যে, নীতিশ কুমাৰৰ প্ৰচেষ্টাতে পাটনাত অহা ২৩ জুনত অনুষ্ঠিত হ’ব বিৰোধী সংহতি বৈঠক। কেন্দ্ৰত শাসনাধিষ্ঠ শাসকীয় বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন বিৰোধী দলসমূহক একত্ৰিত কৰাত নীতিশ কুমাৰৰ এই প্ৰচেষ্টা বিৰোধীৰ সফলতাৰ মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।
শেহতীয়াকৈ নীতিশ কুমাৰে দেশৰ কেইবাগৰাকীও বিৰোধী নেতাৰ সৈতে বৈঠকত মিলিত হৈ বিৰোধী মিত্ৰজোঁট গঠনৰ প্ৰস্তুতি সফল হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। এই পৰ্যন্ত তেওঁ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে সফলতাৰে মিত্ৰতা গঢ়ি তুলিছে।
নীতিশ কুমাৰৰ প্ৰচেষ্টাতে কংগ্ৰেছৰ সৈতে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ দৰে অন্যান্য আঞ্চলিক নেতাৰ মাজত থকা ব্যৱধান কিছু পৰিমাণে দূৰ হোৱা পৰিলক্ষিত হৈছে।
গতিকে ২৪ ৰ নিৰ্বাচনত বিৰোধীৰ সফলতাৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ ভূমিকা স্বাভাৱিকতেই মূখ্য হৈ ৰ’ব। অৱশ্যে কুমাৰৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হ’ব, সেয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব।