পুনৰ দলিত কিশোৰীক দলবদ্ধ বলাৎকাৰ, এইবাৰ ঘটনাৰ স্থান বিহাৰ, নিৰ্যাতিতাৰ আত্মহত্যা

উত্তৰ প্ৰদেশৰ হাথৰাছত দলিত সম্প্ৰদায়ৰ কিশোৰীক বলাৎকাৰ কৰাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ বিহাৰতো ঘটিছে একেই ঘটনা।
বিহাৰৰ গয়া জিলাত এগৰাকী দলিত শ্ৰেণীৰ কিশোৰীক চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই বলাৎকাৰ কৰাৰ পিছতে কিশোৰী গৰাকীয়ে আত্মহননৰ পথ বাচি লয়।
এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ বিহাৰকে।
নিৰ্যাতিতা কিশোৰী গৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি চাৰিজনীয়া দলটোৱে পথৰ পৰাই তুলি নি কিশোৰী গৰাকীক বলাৎকাৰ কৰিছে।
কিশোৰীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত চাৰি বলাৎকাৰীৰ ভিতৰৰে ৰাহুল কুমাৰ, চিণ্টু কুমাৰ আৰু চন্দন কুমাৰৰ নাম উল্লেখ কৰি থানাত গোচৰ ৰুজু কৰিছে।
বাকী আন এজন অভিযুক্তৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ইপিনে ২৮ অক্টোৱৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্য খনত দলিত সম্প্ৰদায়ৰ কিশোৰীক বলাৎকাৰ কৰা আৰু তাৰ পৰিণতিত কিশোৰী গৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনাকলৈ বিৰোধী দল সমূহে নিতীশ কুমাৰৰ চৰকাৰক উভতি ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উ্ত্তৰ প্ৰদেশতো উচ্চ বৰ্ণৰ লোকে দলিত কিশোৰীক বলাৎকাৰ কৰাৰ ঘটনাটোক চৰকাৰেই গাপ দিয়াৰ চেষ্টা চলোৱা বুলি বিৰোধী দল সমূহে অভিযোগ কৰি আহিছে।