NORTHEAST NOW (Assamese)
Popular Stories

হত্যা-ধৰ্ষণ-অপহৰণ ভূমি বিবাদত অভিযুক্ত অপৰাধী প্ৰাৰ্থীৰে ভৰি পৰিছে বিহাৰৰ নিৰ্বাচনত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 4:49 pm
image

সমাগত বিহাৰ নিৰ্বাচন। অহা ২৮ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিহাৰ বিধান সভাৰ নিৰ্বাচন।

নিৰ্বাচনকলৈ ক’ৰ’ণা মহামাৰীৰ মাজতো ৰাজনৈতিক দলবৰোৰ মাজত দেখা গৈছে যুঁজৰ কুচকাৱাচ।

ইতিমধ্যে ৰাজ্যখনত সক্ৰিয় ৰাজনৈতিক দলসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

দলবোৰৰ এই প্ৰাৰ্থী তালিকাত দেখা গৈছে বিভিন্ন অপৰাধৰ সৈতে জড়িত থকা বহু মুখ। নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ বিৰুদ্ধে থকা অপৰাধৰ তালিকা প্ৰকাশৰ নিৰ্দেশ দিয়াৰ পাছতে অপৰাধৰ সৈতে জড়িত প্ৰাৰ্থীৰ তালিকা দলসমূহে প্ৰকাশ কৰিছে।

এই তালিকা প্ৰকাশৰ পিছতে দেখা গৈছে লালু প্ৰসাদৰ ৰাষ্ট্ৰীয় জনতা দল শীৰ্ষত থকাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ নীতিশ কুমাৰৰ দল সংযুক্ত জনতা দলেও পিছ পৰি থকা নাই।

অৱশ্যে প্ৰথমখন তালিকাত বিজেপি আৰু কংগ্ৰেছৰ তালিকাত অপৰাধৰ সৈতে জড়িত থকা কোনো মুখ দেখা পোৱা নাই।

আৰ জে ডিৰ অনন্ত সিং বিৰুদ্ধে সৰ্বাধিক ৩৮ টাকৈ গুৰুতৰ অপৰাধৰ গোচৰ আছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, অপহৰণ, নাৰী নিৰ্যাতন তথা শ্লীলতাহানি আদি অতি গুৰুতৰ গোচৰ আছে।

২০০৭ চনত ৰেশমা খাতুন নামৰ এগৰাকী মহিলাক শ্লীলতাহানি আৰু হত্যাৰ অভিযোগো আছে অনন্ত সিঙৰ বিৰুদ্ধে।

এই গৰাকী অনন্ত সিঙৰ পূৰ্বতে নীতিশ কুমাৰৰ সৈতো ঘনিষ্ঠতা আছিল। এটা সময়ত নীতিশ কুমাৰৰ জে ডি(ইউ)ৰ হৈয়ো সিঙে নিৰ্বাচন খেলিছিল সিঙে।

আৰ জে ডিৰ প্ৰথমখন তালিকাত অতি কমেও ২০ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। আৰ জে ডিক অপৰাধৰ সৈতে জড়িত থকা লোকক প্ৰাৰ্থীত্ব দিয়া বুলি অভিযোগ কৰা জে ডি (ইউ)ৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপিত হৈছে। দলটোৰ কেবাগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ আছে।

আনহাতে সদ্যপ্ৰয়াত ৰাম বিলাস পাছোৱানৰ লোক জনশক্তি দলতো অপৰাধমূলক গোচৰ থকা কেবাগৰাকী লোকে প্ৰাৰ্থীত্ব লাভ কৰাৰ তথ্য বাহিৰ হৈছে।

মুঠতে বিহাৰ বিধানসভাৰ নিৰ্বাচনত গুৰুতৰ অপৰামূলক গোচৰত অভিযুক্ত বহুলোকে প্ৰাৰ্থীত্ব লাভ কৰিছে।