NORTHEAST NOW (Assamese)
Popular Stories

বিদ্যালয়ৰ পৰাই শিক্ষকক অপহৰণ: বন্দুক দেখুৱাই অপহৰণকাৰীৰ কন্যাৰ সৈতে বলপূৰ্বকভাৱে বহুৱালে বিয়াত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2023 4:35 pm
Bihar Teacher Kidnapped Forced To Marry

এগৰাকী শিক্ষক, নাম গৌতম কুমাৰ। শেহতীয়াকৈ কুমাৰে বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষকতা বৃত্তিত যোগদান কৰিছিল। যোৱা বুধবাৰে শিক্ষক গৌতম কুমাৰৰ লগত ঘটিল এক ঘটনা।

বুধবাৰে বিদ্যালয়ৰ পৰা তিনি-চাৰিজন লোক কুমাৰৰ বিদ্যালয়ত উপস্থিত হৈ বলপূৰ্বকভাৱে তেওঁক লৈ যায় আৰু তাৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰতে তেওঁক বন্দুকৰ ভয় দেখুৱাই এজন অপহৰণকাৰীৰ কন্যাক বিয়া কৰাবলৈ বাধ্য কৰোৱা হয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ বৈশালী জিলাত। বিহাৰৰ ইতিহাসত শেহতীয়াকৈ দেখা পোৱা গৈছে এনে ‘পাকাদ্বা বিবাহ’ বা ‘দৰা অপহৰণ’ৰ ঘটনা। এইধৰণৰ ঘটনাত এনেদৰে অবিবাহিত পুৰুষক অপহৰণ কৰি বন্দুক দেখুৱাই বিয়া কৰিবলৈ বাধ্য কৰোৱা হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, গৌতম কুমাৰ পাটেপুৰৰ ৰেপুৰাৰ উত্তমিত মধ্য বিদ্যালয়ত নৱনিযুক্ত শিক্ষক হিচাপে যোগদান কৰিছিল। কুমাৰৰ অপহৰণৰ পিছত বুধবাৰে নিশা কুমাৰৰ পৰিয়ালে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে নিৰুদ্দেশ শিক্ষকজনক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰে। কুমাৰৰ পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজেশ ৰায় নামৰ এজন ব্যক্তিৰ ফালে টোৱাঁইছে সন্দেহৰ আঙুলি।

পৰিয়ালৰ অভিযোগ, ৰাজেশ ৰায়ৰ পৰিয়ালে কুমাৰক অপহৰণ কৰি তেওঁৰ কন্যা চান্দনীৰ সৈতে বলপূৰ্বকভাৱে বিয়াত বহিবলৈ বাধ্য কৰায়। বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে কুমাৰক শাৰীৰিক নিৰ্যাতন কৰা বুলিও অভিযোগ তুলিছে পৰিয়ালে।

আৰক্ষীয়ে উল্লেখ কৰা মতে, এই সন্দৰ্ভত গোচৰ ৰুজু কৰি অপহৰণকাৰীৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে। লক্ষনীয়ভাৱে, বিহাৰত ‘পাকাদ্বা বিবাহ’ অস্বাভাৱিক নহয়।

যোৱা বছৰ বেগুছৰাইত এজন পশু চিকিৎসকক অসুস্থ জন্তুৰ চিকিৎসাৰ বাবে মাতি অনাৰ পিছত তিনিজন লোকে অপহৰণ কৰি বলপূৰ্বকভাৱে তেওঁৰ সৈতে এগৰাকী কন্যাক বিয়া কৰোৱাইছিল। তাৰ পূৰ্বেও সংঘটিত হৈছিল এনে অনুৰূপ ঘটনা।