NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ তথ্য ফাদিলৰ চেষ্টা, বিদেশী চোৰাংচোৱাৰ সৈতে চুক্তি কৰিবলৈ গৈ গ্ৰেপ্তাৰ বিহাৰৰ যুৱক

April 11, 2026 12:02 pm ·
Updated: May 21, 2026 11:23 am

আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি? শেহতীয়াকৈ আৰ এছ এছৰ মুখপত্ৰ দ্য অৰ্গেনাইজাৰত এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন হোৱাৰ পাছতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। জানিব পৰা গৈছে যে বিহাৰৰ বাক্সাৰৰ এজন যুৱকে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিষয়টোক লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে ধনৰ বিনিময়ত এক চুক্তি কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু যুৱকজনৰ এই কূটিল প্ৰচেষ্টা বিফল হয় আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম অমল কুমাৰ তিৱাৰী। তেওঁ এটা বিদেশী চোৰাংচোৱা সংস্থাৰ ৱেবছাইটলৈ বাৰ্তা প্ৰেৰণ কৰি ধনৰ লোভত প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ সুৰুঙা সৃষ্টি কৰাৰ প্ৰস্তাৱ দিছিল। যুৱকজনে আনকি এই বুলিও দাবী কৰিছিল যে ধন লাভ কৰাৰ পাছতেই তেওঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰিব। আৰক্ষীয়ে জনোৱা মতে, অমলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা গোপন তথ্য চুৰি কৰাৰ চেষ্টা কৰাৰ লগতে বিদেশী সংস্থাটোৰ সৈতে যোগাযোগ ৰাখিছিল। অৱশেষত চাইবাৰ আৰক্ষীয়ে সমগ্ৰ বিষয়টো ধৰা পেলায় আৰু বক্সাৰ আৰক্ষীয়ে তেওঁক লগে লগে আটক কৰে।

বাক্সাৰ আৰক্ষীয়ে জনোৱা মতে, অমল কুমাৰ তিৱাৰী পূৰ্বৰে পৰা বিভিন্ন চাইবাৰ অপৰাধৰ লগত জড়িত আছিল। আৰক্ষীয়ে তেওঁৰ পৰা এটা লেপটপ, এটা মোবাইল ফোন আৰু আন কেইবাটাও ডিজিটেল সামগ্ৰী জব্দ কৰিছে। তেওঁৰ মোবাইলটো পৰীক্ষা কৰি দেখা গৈছে যে তেওঁ ভিপিএন ব্যৱহাৰ কৰি বহুতো ৱেবছাইট হেক কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ আগতে কলকাতা বিমানবন্দৰৰ ৱেবছাইট হেক কৰাৰ ভাবুকি দিয়া কাৰ্যতো তেওঁৰ নাম সাঙোৰ খাইছিল। বৰ্তমান বিহাৰ আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই তেওঁক জেৰা কৰি আছে। তেওঁ অকলশৰে এই কাম কৰিছিল নে ইয়াৰ আঁৰত আন কোনো ডাঙৰ সংগঠন আছে, সেয়া উলিয়াবলৈ নিৰন্তৰ তদন্ত চলি আছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দ্য অৰ্গেনাইজাৰ কাকতত প্ৰকাশ পাইছিল যে চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়ত চিআইএই মোদীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ভাৰত আৰু ৰাছিয়াৰ চোৰাংচোৱাৰ যৌথ প্ৰচেষ্টাত সেই চক্ৰান্ত বিফল হয়। প্ৰতিবেদন অনুসৰি, ৩১ আগষ্টত যেতিয়া মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে একেখন গাড়ীৰে প্ৰায় ৪৫ মিনিট সময় একেলগে যাত্ৰা কৰিছিল, তেতিয়াই এই হত্যাকাণ্ডৰ আলোচনা চলিছিল বুলি সন্দেহ কৰা হৈছে। আচলতে মোডী আৰু পুটিনৰ এই যাত্ৰা পূৰ্বৰে পৰা নিৰ্ধাৰিত নাছিল, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেষ মুহূৰ্তত এই সিদ্ধান্ত লোৱা হৈছিল। সেইদিনা মোদী পুটিনৰ লগত নথকা হলে হয়তো এক ডাঙৰ বিপদ হলহেঁতেন। এই খবৰ ওলোৱাৰ পাছতেই এতিয়া বিহাৰৰ যুৱকজনৰ এনে কাৰ্যই প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ সমগ্ৰ দেশতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

Related News