NORTHEAST NOW (Assamese)

বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ আকস্মিক মৃত্যু, শোকস্তব্ধ শিল্পী সমাজ

April 30, 2021 6:20 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 30, 2021 6:36 pm

ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আহিছে আন এক দুখৰ খবৰ। বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

গুৱাহাটীৰ মালিগাওঁ নিবাসী মৌচুমী শইকীয়াৰ কালি ৰাতি হঠাৎ পেটৰ বিষ অনুভৱ কৰাত ততাতৈয়াকৈ তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও কিছুসময়ৰ পিছতেই তেওঁৰ মৃত্যু হয়।

বিহুৰ গুৰু, বিহু সম্ৰাজ্ঞী তথা লোকনৃত্য শিল্পী মৌচুমী শইকীয়াৰ মৃত্যুত সমগ্ৰ মালিগাওঁৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হোৱা মৌচুমী শইকীয়াই ২০০১ চনত ঐতিহাসিক লতাশিল বিহু সন্মিলনীত বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰাৰ লগতে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ পৰা বিহু গুৰু উপাধি লাভ কৰিছিল।

ইয়াৰোপৰি তেওঁ বিভিন্ন জাতি জনগোষ্ঠীয় লোকনৃত্যৰ শিল্পী আছিল। তেওঁ বিহু গুৰু ড০ প্ৰসন্ন গগৈৰ সহধৰ্মিনী আছিল।

মৌচুমী শইকীয়াৰ মৃত্যুত বিহু শিল্পী সংস্থা অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।

Related News