NORTHEAST NOW (Assamese)
Popular Stories

বাইক চোৰৰ বিৰুদ্ধে অব্যাহত গুৱাহাটী আৰক্ষীৰ অভিযান! এইবাৰ জালত পৰিল ‘জুবিন GANG’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 4:01 pm

বাইক চোৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীত পুনৰ চুৰি বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

পুনৰ ১১খনকৈ দুচকীয়া চুৰি বাহন উদ্ধাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। এইবাৰ গড়চুক আৰক্ষীৰ জালত বাইক চোৰৰ গেং। আৰক্ষীৰ জালত পৰিছে ৪টা গভাইত বাইক চোৰ।

আৰক্ষীৰ জালত পৰিছে ইমান আলী, জুবিন বৰা, গকুল শালৈ আৰু সত্যজিত কলিতা নামৰ চাৰিটা চোৰ

গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩খন গ্লেমাৰ, দুখন পালছাৰ, ৩খন ছুপাৰ স্পেলণ্ডাৰ, দুখন স্পেলণ্ডাৰ বাইক আৰু এখন স্কুটাৰ।

উদ্ধাৰ কৰা বাহনকেইখনৰ নম্বৰ ক্ৰমে- AS25U3689, AS01BH8524, AS01EF6091, AS01AJ1539, AS01BD6960, AS01BD6960, AS01M8308, AS01AV1134, AS25D4794, AS01DW8584, AS01BG4819, AS-25-E3809

উল্লেখ্য যে, সোমবাৰেও দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১৩খন বাইক। লগতে গ্ৰেপ্তাৰ কৰিছিল ১১টাকৈ কুখ্যাত বাইক চোৰক।