NORTHEAST NOW (Assamese)
Popular Stories

বিয়াৰ পিছতো প্ৰতি বছৰে প্ৰাক্তন প্ৰেয়সীৰ সৈতে উইকএণ্ডত অন্তৰংগ সময় কটাইছিল বিল গেটছে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2021 7:44 am
index

প্ৰায় ২৭ টা বছৰ বিবাহিত জীৱন কটোৱাৰ অন্তত হঠাতে বিশ্বৰ অন্যতম ধনাঢ্য যুটি বিল গেটছ আৰু মিলেণ্ডা গেটছৰ বিবাহ বিচ্ছেদ হৈছে।

বিশ্বৰ এই বহু চৰ্চিত যুটিটোৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতে সমগ্ৰ বিশ্ব আশ্বৰ্যচকিত হৈ পৰিছে।

তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছতে এনে কিছু আশ্চৰ্যজনক বাতৰি আহিছে যিবোৰ ইমান দিনে গোপন হৈয়ে আছিল।

আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোচনী দ্য টাইমছ-এ প্ৰকাশ কৰা অনুসৰি মেলিণ্ডাক বিয়াৰ কৰোৱাৰ পিছতো বিল গেটছে প্ৰতি বছৰে প্ৰাক্তন প্ৰেয়সীৰ সৈতে নৰ্থ কাৰ’লিনাৰ বিচ্চ কটেজত অন্তৰংগ সময় কটাই আহিছিল।

টাইমছ-এ দাবী, ১৯৯৭ চনত বিল গেটছে দ্য টাইমছ আলোচনীৰ আগত প্ৰকাশ কৰিছিল যে ১৯৯৪ চনত মাইক্ৰছ’ফটৰ কো-ফাউণ্ডাৰ মেলিণ্ডা ফ্ৰেন্সক বিয়াৰ কৰাৰ সময়ত বিল গেটছে তেওঁৰ প্ৰাক্তন প্ৰেয়সীৰে সাক্ষাৎ কৰি অহাৰ এক উদ্ভদ চুক্তি কৰিছিল লৈছিল।

আনকি গেটছে পত্নীক বিয়াৰ প্ৰস্তাৱ দিয়াৰ পূৰ্বেই প্ৰাক্তন প্ৰেয়সী এন উইনব্লেডৰ পৰা এই বিষয়ত সন্মতি বিচাৰিছিল বুলিও দাবী কৰিছে দ্য টাইমছ-এ।

“যেতিয়া মই মেলিণ্ডাক বিয়া কৰোৱাৰ কথা ভাবিছিলো, মই এনক ফোন কৰিছিলো আৰু তাইৰ অনুমোদন বিচাৰিছিলো।” বিল গেটছৰ উদ্ধৃতি এইদৰে প্ৰকাশ কৰিছে দ্য টাইমছ-এ।

ইয়াৰ পিছত উইনব্লাডে গেটছলৈ ফোন কৰি কৈছিল, “তাই(মেলিণ্ডা) তোমাৰ সৈতে মিলিব, কিয়নো তাই বৌদ্ধিকভাৱে যথেষ্ট কষ্টসহিষ্ণু।”

২৭ বছৰ মেলিণ্ডাৰ সৈতে বিবাহিত জীৱন কটাই বিবাহ বিচ্ছেদ কৰা বিল গেটছে নিজেই প্ৰকাশ কৰিছিল যে তেওঁতকৈ বয়সত জ্যেষ্ঠ উইনব্লাডৰ সৈতে ১৯৮৪ চনত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰিছিল।

পিছে ১৯৮৭ চনত দুয়োৰে মাজত ব্ৰেকআপ হৈছিল যদিও অতি ঘনিষ্ঠ যুটিটোৱে প্ৰতি বছৰে দেশৰ দক্ষিণাঞ্চললৈ গৈ অন্তৰংগ সময় পাৰ কৰি আহিছিল বুলি প্ৰকাশ পাইছে।

উল্লেখ্য উইনব্লাড নিজেও এগৰাকী ছফটৱেৰ বিশেষজ্ঞ আৰু আৰম্ভণি সময়ছোৱাত বিল গেটছৰ সৈতে দুয়ো একে লগে কাম কৰিছিল।