NORTHEAST NOW (Assamese)
অসম

নিপকোৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্ত ধুবুৰীৰ বিজেপি নেতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2021 4:31 pm
Bimal Oswal appointed as independent director of NEEPCO

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমৰ ধুবুৰী জিলাৰ জ্যেষ্ঠ বিজেপি নেতা বিমল ওছৱালক নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেড চমুকৈ নিপকোৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে।

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে জাৰী কৰা নিৰ্দেশনাত কোৱা হৈছে, “নিপকোৰ সংগঠনৰ অনুচ্ছেদ ৭৫-ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শ্ৰী বিমল ওছৱালক তিনি বছৰৰ বাবে নিপকো ব’ৰ্ডত বেচৰকাৰী স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।”

নিপকোৰ পৰিষদৰ সভাত উপস্থিত থকাৰ বাবে টিএ/ডিএ পৰিশোধ আৰু ওপৰোক্ত নন-অফিচিয়েল স্বতন্ত্ৰ সঞ্চালকৰ মাচুল সময়ে সময়ে ৰাজহুৱা উদ্যোগ বিভাগে জাৰী কৰা বিষয়ৰ নিৰ্দেশনা অনুসৰি হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

বিমল ওছৱাল নামনি অসমৰ জ্যেষ্ঠ বিজেপি নেতাসকলৰ অন্যতম। তেওঁৰ পিতৃ ডাঃ পান্নালাল ওছৱালো বিজেপিৰ নেতা আছিল।

ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা ড০ পান্নালাল ওছৱালক ১৯৯৯ চনত আলফাৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে অপহৰণ কৰি হত্যা কৰিছিল।