NORTHEAST NOW (Assamese)
অসম

হিংসা থমা নাই মণিপুৰত; আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা বীৰেণ সিঙৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2023 12:58 pm

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা বীৰেণ সিঙে অচিৰেই পদত্যাগ কৰাৰ সম্ভাৱনা আছে। বাতৰিৰ সূত্ৰসমূহৰ ধাৰণা সত্য হ’লে, শুকুৰবাৰে (৩০ জুন) মণিপুৰৰ ৰাজ্যপালৰ ওচৰত বীৰেণ সিঙে পদত্যাগ পত্ৰ দাখিল কৰিব।

৩০ জুনত দিনৰ ১ বজাত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰিব বীৰেন সিঙে।

এই বৈঠকৰ সময়তে তেওঁ মণিপুৰৰ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মণিপুৰৰ বীৰেণ সিং নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

ৰাজ্যৰ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰু তাৰ পিছত বৃহৎ হাৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ৩ মে’ৰ পৰা মণিপুৰ অগ্নিগৰ্ভ হৈ আছে।

ৰাজ্যখনত সংঘৰ্ষ আৰু পৰৱৰ্তী সময়ত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ফলত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে।

সমগ্ৰ ভাৰতবৰ্ষৰ বিৰোধী দলসমূহেও ৰাজ্যখনৰ সংকট নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে বীৰেণ সিঙক মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছে।

বাতৰি অনুসৰি, কেন্দ্ৰীয় চৰকাৰে বীৰেণ সিঙক মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ কৈছে, কিয়নো তেওঁক পদৰ পৰা অপসাৰণৰ হেঁচা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

(সৱিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে)